/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/69d1e45b-6122-4a97-b7ce-dd4ad17bba2e/515.jpg)
ডিজিটেল ডেস্ক : জাগীৰোডবাসীৰ বাবে আজিৰ দিনটো উল্লেখনীয় দিন। দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে প্ৰগতি-উন্নয়নৰ যাত্ৰাৰ অংশস্বৰূপে জাগীৰোড সমষ্টিত ৫টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6bcc907f-19c4-406e-8fc0-1bbf2e7c2ccd/412665179_892152442365852_6395086172570791131_n.jpg)
প্ৰায় ১১৪.১৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৫ টাকৈ প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডস্থিত কাগজ নগৰ খেলপথাৰত এখনি বিশাল জনসভা সম্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bf903f68-de4a-4eef-bf06-6e1cc2c25bb9/412994513_892152492365847_7671442836181507659_n.jpg)
সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমক দেশৰ অগ্ৰণী ৫ খন ৰাজ্যৰ ভিতৰত এখন কৰি তোলাৰ পৰিকল্পনা সন্দৰ্ভত আলোকপাত কৰাৰ লগতে জাগীৰোড চহৰখনৰ প্ৰতিচ্ছবি সলনিৰ হেতু তথা নলা-নৰ্দমা আদি নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ আঁচনি ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d826e3c9-4478-43eb-b4b7-5f8faf0ee7fd/f4c6ad3b_ecb9_4440_a96d_75ef24c0f9c8.jpg)
ইয়াৰ লগতে জাগীৰোডত এটি নতুন অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন, ভাগৰাৰ পৰা আমচৈ লৈকে সমগ্ৰ পথচোৱা "অসম মালা" আঁচনিৰ দ্বাৰা ৬৪ কোটি টকা ব্যয়ৰে পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। আনহাতে ২টা বৰ্ষৰ ভিতৰত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল নিৰ্মাণ সম্পূৰ্ণ কৰা আৰু মৰিগাঁও আৰু দৰং জিলা সংযোগী এখনি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ প্ৰয়াস-পৰিকল্পনাৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2ccfdb78-eabf-48d1-b5a6-af80d7df30ee/412734320_892152912365805_5195340936747196645_n.jpg)
উক্ত অনুষ্ঠানত মন্ত্ৰী পিষুষ হাজৰিকা, কেশৱ মহন্ত,অশোক সিংহল, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,বিধায়ক ৰমাকান্ত দেউৰী,ৰূপক শৰ্মা , শশীকান্ত দাস,তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্তসহ কাৰ্যকৰ্তা আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।