সমাগত দিপাৱলী : ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

সমাগত দিপাৱলী : ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

author-image
Asomiya Pratidin
New Update
সমাগত দিপাৱলী : ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

ডিজিটেল সংবাদ, কঠীয়াতলী: আগুন্তক দিপাৱলীত সমগ্ৰ ধৰা পোহৰাবলৈ সমগ্ৰ ৰাজ্যত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। তাৰ সমান্তৰালকৈ কঠীয়াতলী ৰেংবেং কালী মন্দিৰৰ কাষৰ প্ৰায় ৪০ ঘৰ লোকো ব্যস্ত হৈ পৰিছে চাকি নিৰ্মাণত।

Advertisment

ৰঙা চিনৰ ৰং-বিৰঙী লাইটে মাটিৰ চাকিৰ বিক্ৰী কমাব বুলি আশংকাত ভূগিছে যদিও কঠীয়াতলীৰ মৃৎ শিল্পীসকল ব্যস্ত চাকি নিৰ্মাণত। আনহাতে একাংশ মৃৎ শিল্পীয়ে বিগত কেবা বছৰ ধৰি মাটিৰ চাকিৰ মূল্য বৃদ্ধি নোহোৱাত পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে।

চৰকাৰৰ পৰা চাকি বনোৱা সজুলিসমূহ যোগান ধৰি এই মৃৎ শিল্পীসকলৰ বৃত্তিটো জীয়াই ৰাখিবৰ বাবে চৰকাৰক অনুৰোধ মৃৎ শিল্পী সকলৰ।

Also Read: সুদূৰ নৰৱেত বন্দে মাতৰমৰ প্ৰতিধ্বনি...

diwali clay artist