/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2a2d87b2-46c0-4ac3-9719-74a368b4e642/ghhgghgh.jpg)
ডিজিটেল ডেস্কঃ নৰৱেৰ বাৰগান প্ৰদেশত ২০০৪ চনত জন্ম হোৱা ফাৰগেসপিল নামৰ শিশু আৰু যুৱ সকলৰ সাংস্কৃতিক বিনিময় প্ৰকাশক অনুষ্ঠানটোৰ ফ্লেয়াৰে ফাৰ্গাৰ চুলা এক অংশ বিশেষ।
এই অনুষ্ঠানৰ বিশেষ কাৰ্যক্ৰম হৈছে গীত-নৃত্য আদিৰ জৰিয়তে ইয়াৰ অংশ গ্ৰহণকাৰী সকলে একাত্ম হৈ কৰা অনবদ্য নিবেদন। এই অনুষ্ঠান সমূহৰ মাজেৰে তৰুণ প্ৰজন্মক তেওঁলোকৰ ঐতিহ্য়-ইতিহাসৰ সৈতে চিনাকি কৰি দিয়াৰো প্ৰয়াস কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e76cac0f-b27e-416e-ab39-66cbab54f8d1/5f8a36e7_0ef0_49fe_a82e_bd9ec574fdaf.jpg)
নৰৱেৰ নিবাসী বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভিন্ন সাংস্কৃতিক ঐতিহ্যৰ যুৱ-শিশুৰ পাৰস্পৰিক সাংস্কৃতিক সম্ভাৰ প্ৰদৰ্শন আৰু বিনিময়ৰ মাজেৰে ই মিলন সেতু ৰচনা কৰি আহিছে। অলপতে ৰোগালেণ্ড প্ৰদেশৰ চুলা প্ৰশাসনিক অঞ্চলত এনে এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7f46e671-6a8c-4764-b438-c22854da335f/65e30774_dfdc_4bfd_ac6e_679890531c6a.jpg)
ভাৰতৰ বাবে সুখদায়ক কথা যে এই অনুষ্ঠানত বিবাহ সূত্ৰে বৰ্তমান নৰৱেৰ নিবাসী গুৱাহাটী নতুন শৰণীয়াৰ বৰষা গোস্বামী চক্ৰৱৰ্তীয়ে তেওঁৰ নৰৱে নিবাসী শিক্ষাৰ্থীসকলক লৈ 'বন্দে মাতৰম' গীতৰ নৃত্যৰূপ প্ৰদৰ্শন কৰে।
অনুষ্ঠানত যিহেতু বাণীবদ্ধ গীত ব্যৱহাৰ নহয় সেয়ে বন্দে মাতৰম গীতটি বৰষাই নিজে পৰিৱেশন কৰি নৰৱেৰ বাদ্যযন্ত্ৰীসকলৰ দ্বাৰা সুন্দৰভাৱে সংগীত সংযোজন কৰি এক বিশেষ মাত্ৰা প্ৰদানেৰে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d9a7284f-b09d-4083-8a45-4a8fcc270d66/aa313d77_33a6_48e5_87ef_6db3621b340d.jpg)
উল্লেখ্য যে, 'বন্দে মাতৰম' গীতটিত বৰষাৰ লগতে নৰৱেৰ শিল্পীয়েও ভাগ লয়। বৰষাৰ এই প্ৰচেষ্টাত নৰৱেৰ ৰোগালেণ্ড আৰু এগদাৰ সন্মানীয় ভাৰতীয় কাউন্সিল জেনেৰেল প্ৰেম প্ৰকাশে অভিভূত হৈ তেওঁৰ বাসগৃহলৈ আহিও অভিনন্দন জ্ঞাপন কৰে।
Also Read: অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক