কামপুৰৰ পলশাৰ কলাইখোৱাইত দুই ফৈদৰ সংঘাতঃ জ্বলাই দিলে এজন লোকৰ বাসগৃহ

কামপুৰৰ পলশাৰ কলাইখোৱাইত দুই ফৈদৰ সংঘাতঃ জ্বলাই দিলে এজন লোকৰ বাসগৃহ
কামপুৰৰ পলশাৰ কলাইখোৱাইত দুই ফৈদৰ সংঘাতঃ জ্বলাই দিলে এজন লোকৰ বাসগৃহ

ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ পলশাৰ কলাইখোৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।এটা দুবৃৰ্তৰ দলে জ্বলাই দিলে এজন লোকৰ বাসগৃহ।এটা কুকুৰৰ মৰা শ পেলোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মতানৈক্য হোৱাৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে অজয় বিশ্বাস নামৰ লোকজন চৌহদত বৰক'লা লালুংগাঁৱৰ এগৰাকী মহিলাই কুকুৰৰ মৰা শ টো পেলাবলৈ অহাৰ পিছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।উল্লেখ্য যে, অজয় বিশ্বাসৰ ঘৰৰ কাষতে নিশাৰী নৈৰ পাৰত বনভোজ খাবলৈ আহিছিল বৰ'কলাৰ লালুংগাঁৱৰ জোনালী বৰদলৈৰ লগতে আন কেইজনমান লোক।

বনভোজস্থলীতে পৰি আছিল কুকুৰটোৰ মৰা শটো।পিছত দুয়োপক্ষৰ মাজত কথাৰ কটাকটিৰ অন্তত জোনালী বৰদলৈৰ দলটোৱে ৰুদ্ৰমূৰ্তি ধাৰন কৰাত অজয় বৰদলৈৰ পৰিয়ালে পলায়ন কৰে। আনফালে কিছুলোকে অজয় বৰদলৈ ঘৰৰ সা-সামগ্ৰী লণ্ড -ভণ্ড কৰাৰ লগতে এটা খেৰী ঘৰত অগ্নি সংযোগ কৰে।

দুখীয়া লোকজনৰ ঘৰটোৰ ভিতৰত থকা প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ বাবে অনা সামগ্ৰীৰ লগতে অনান্য সামগ্ৰী ভস্মিভূত হয়।পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে।

পৰিয়ালটোৰ মুৰব্বি অজয় বিশ্বাসে কাৰ্তিক বৰদলৈ, জোনালী বৰদলৈ আৰু গেন্দেৰা বৰদলৈৰ বিৰুদ্ধে কামপুৰ থানাত এক গোচৰ তৰিছে।তিনিওজনৰে ঘৰ নগাঁও সদৰ থানাৰ অন্তৰ্গত বৰ'কলা লালুংগাঁৱত বুলি জনা গৈছে।আজি সংবাদ মাধ্যমৰ যোগেৰে পৰিয়ালটোৱে সমগ্ৰ বিষয়টো উচিত তদন্তৰে ন্যায় দিবৰ বাবে দাবী জনাইছৈ।

কামপুৰৰ পলশাৰ কলাইখোৱাইত দুই ফৈদৰ সংঘাতঃ জ্বলাই দিলে এজন লোকৰ বাসগৃহ
২৭ জানুৱাৰীৰ পৰা গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in