২৭ জানুৱাৰীৰ পৰা গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন

২৭ জানুৱাৰীৰ পৰা গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন
২৭ জানুৱাৰীৰ পৰা গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল ডেস্কঃ অহা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন। দক্ষিণ প্ৰাথমিক বড়ো সাহিত্য সভা আৰু দাঁতালপাৰা বড়ো সমাজৰ অভ্যৰ্থনাত গুৱাহাটী মহানগৰীৰ দাঁতালপাৰা বড়ো সমাজৰ ৰংজালী বৈসাগুসালী খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশনখ।

দুয়োটা দিনতে পুৱাৰ পৰা নিশালৈকে অধিৱেশনস্থলীত অনুষ্ঠিত হ'ব বহু কেইটা সাহিত্য, সাংস্কৃতিক অনুষ্ঠান। ২৭ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ক্ৰমে প্ৰতিনিধি শিবিৰ উদ্বোধন, মুখ্যদ্বাৰ উদ্বোধন, মূল ৰভাস্থলী উদ্বোধন, প্ৰতিনিধি সভা আৰু পুৱাৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচী আছে। ইয়াৰ পাছত পুৱা ১০ বজাত হ'ব পতাকা উত্তোলন।

ইয়াৰ পাছত ক্ৰমে ছহিদ তৰ্পণ, প্ৰতিনিধি সভা, বিশেষ আলোচনা সভা, সন্ধিয়া ৬-৩০ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আদি অনুষ্ঠিত হ'ব। বিশেষ আলোচনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বড়ো সাহিত্য সভাৰ নতুন দিল্লী, এন চি আৰৰ সভাপতি প্ৰফেচাৰ ড০ নিৰালা ৰামছিয়াৰী।

২৮ ডিচেম্বৰতো একেদৰে পুৱা ৮ বজাৰ পৰাই আৰম্ভ হ'ব সভাৰ বিভিন্ন কাৰ্যসূচী। পুৱা প্ৰথমে বৃক্ষৰোণৰ পাছত একাদিক্ৰমে, পুৱাৰ আহাৰ গ্ৰহণ, স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচন, সম্বৰ্ধনা আৰু বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ গণেশ ঔৱাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ স্বৰ্ণপ্ৰভা চৈনাৰী মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে বহু কইজন লোক নিৰ্দিষ্ট বক্তা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়াৰ ভাগলৈ অনুষ্ঠিত হ'ব সাংস্কৃতি সন্ধিয়াৰ অনুষ্ঠান।

২৭ জানুৱাৰীৰ পৰা গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন
ভুৱা দিব্যঙ্গৰ প্ৰমাণ পত্ৰৰে কেইবাজনো APSC উত্তীৰ্ণ হোৱাৰ অভিযোগঃ মেডিকেল ব'ৰ্ড গঠনেৰে পুনৰীক্ষণৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in