চিলাপথাৰত সোণোৱাল-কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ শতাধিকক অভিনন্দন

চিলাপথাৰত সোণোৱাল-কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ শতাধিকক অভিনন্দন

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত সোণোৱাল-কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ শতাধিকক অভিনন্দন

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ আঞ্চলিক সোণোৱাল-কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু চিলাপথাৰবাসী ৰাইজৰ সহযোগত দেওবাৰে বিশেষ অভিনন্দন সভা অনুষ্ঠিত কৰা হয়। চিলাপথাৰ চিলাগাঁৱস্থিত খ্ৰীং খ্ৰীং বাইথ মন্দিৰত সদ্যঘোষিত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত বিশেষ সাফল্য প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়।

Advertisment

সভাখন সঞ্চলনা কৰে সোনোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোনোৱালে। সম্পাদক পূৰ্ণকান্ত সোনোৱালে আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰে উজ্বল ভৱিষ্যত কামনা কৰি সম্বৰ্ধনা জনায়।

অনুষ্ঠানত চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰী, সোণোৱাল কছাৰী যুৱ মঞ্চৰ উপদেষ্টা হোমেন সোণোৱাল, বিষয় শিক্ষক ৰমেশ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন গঠনমূলক পৰামৰ্শৰে সাৰুৱা বক্তব্য প্ৰদান কৰে। কাৰ্যসূচীত সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰ, বাইথ পূজা কমিটি, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ৰাইজ উপস্থিত থাকে।

সহকাৰী শিক্ষক ৰঞ্জিত কছাৰী, সমাজকৰ্মী জোন হাজৰিকা, ভাস্কৰ সোণোৱাল, দীপাংকৰ সোণোৱাল, দিগন্ত সোণোৱাল, পৱন ডেকা বৰুৱা, কমল কছাৰী, ভূপেন কছাৰী, চেনীৰাম সোণোৱাল আদি বহু ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Also Read: মানকাচৰৰ চোমৰাশালীত পিক আপ ভেনৰ পৰা পৰি এজনৰ মৃত্যু

silapathar