চামগুৰি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণত নাগৰিক মঞ্চৰ প্ৰতিবাদ...

চামগুৰি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণত নাগৰিক মঞ্চৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
চামগুৰি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণত নাগৰিক মঞ্চৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, নগাঁওঃ বৃটিছৰ আমোলতে স্থাপন কৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়টো ৰাজ্য চৰকাৰে স্থানান্তৰিত কৰাৰ লগতে চক্ৰটোৰ শতাধিক ৰাজহ গাঁও কামপুৰ ৰাজহ চক্ৰত চামিল কৰিবৰ বাবে প্ৰস্তুতি চলাইছে। এই সিদ্ধান্তৰ পিছতেই চামগুৰিৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। বৃটিছৰ শাসন কালতে চামগুৰিৰ ভূমিত বৃহত্তৰ চামগুৰিৰ ৰাজহ গাঁও সামৰি চামগুৰি ৰাজহ কাৰ্যালয় স্থাপন কৰা হৈছিল।

Advertisment

সমষ্টি পুনঃ নিৰ্দ্ধাৰণত চামগুৰি সমষ্টিৰ চামগুৰি গাঁও পঞ্চায়ত বৰ্তমান বঢ়মপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। যাৰ ফলত চামগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত বৃটিছৰ আমোলৰ চামগুৰি ৰাজহ কাৰ্যালয়, চামগুৰি থানা, লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনকে ধৰি বহু কেইটা চৰকাৰী কাৰ্যালয় বিভিন্ন স্থানলৈ স্থানান্তৰিত হোৱাৰ উপক্ৰম ঘটিছে।

চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত মুঠ ১৯২খন ৰাজহ গাঁও অন্তৰ্ভুক্ত হৈ আছিল যদিও সমষ্টি পুনঃ নিৰ্দ্ধাৰণৰ পাছতে অধিকাংশ ৰাজহ গাঁও এতিয়া কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত কৰাবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বিশেষকৈ চামগুৰি ৰাজহ কাৰ্যালয়ৰ অধিকাংশ ৰাজহ গাঁও কামপুৰলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত চামগুৰিৰ সচেতন নাগৰিক সকল ক্ষুব্ধ হৈ পৰে। আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চামগুৰি আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে দল সংগঠন, ব্যক্তি নিৰ্বিশেষে চামগুৰিৰ স্বাৰ্থত সকলো সচেতন নাগৰিকে আজি চামগুৰিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আকাশ বতাহ কঁপাই তোলে।

দল সংগঠন,ব্যক্তি নিৰ্বিশেষে বৃহত্তৰ চামগুৰিৰ নাগৰিক মঞ্চৰ ব্যৱস্থাপনাত চামগুৰি তিনিআলিৰ পৰা চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়লৈ এক পদযাত্ৰা কৰি হাতে হাতে প্লে কাৰ্ড লৈ এক প্ৰতিবাদী কাৰ্যসূচীৰে চামগুৰিৰ আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী নাগৰিক মঞ্চ‌ই হাতে হাতে প্লে কাৰ্ড লৈ 'আমাৰ চামগুৰি আমি বচাম।', 'চেভ চামগুৰি মেক চামগুৰি', 'চৰকাৰ আমাৰ কথা শুনক, চামগুৰি ৰাজহ চক্ৰ চামগুৰিতেই থাকক' আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতিবাদকাৰী নাগৰিক সকলে চামগুৰি ৰাজহ কাৰ্যালয়ত উপস্থিত হৈ চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া ড০ ময়ূৰপংক্ষী বৰাৰ যোগেদি নগাঁও জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নাগৰিক মঞ্চ‌ই অহা ১জুনত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে চামগুৰিৰ কাৰ্যালয় চামগুৰিতে থকাৰ বাবে আইনী যুঁজ কৰাৰো হুংকাৰ প্ৰকাশ কৰে।

Also Read: ৰাজ্যৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ সতৰ্কবাণীঃ কেইবাখনো জিলাত ৰেড-অৰেঞ্জ এলার্ট জাৰি

revenue circle officer samoguri