অসম আৰক্ষীৰ দায়িত্বহীনতা ! পুত্ৰৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুৰ্ভগীয়া পিতৃৰ...

অসম আৰক্ষীৰ দায়িত্বহীনতা ! পুত্ৰৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুৰ্ভগীয়া পিতৃৰ...
অসম আৰক্ষীৰ দায়িত্বহীনতা ! পুত্ৰৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুৰ্ভগীয়া পিতৃৰ...

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মূৰবী জি পি সিঙে সৰ্বসাধাৰনক সহায় কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী বদ্ধপৰিকৰ বুলি ঘোষণা কৰাৰ পিছতো নগাঁৱত দেখা গৈছে এখন বিপৰীত ছবি ৷ নগাঁও আৰক্ষীৰ ওপৰত ভৰসা কৰিব নোৱাৰি দেশৰ প্ৰধানমন্ত্ৰীৰ ওচৰত শৰণাপন্ন হৈছে এজন পিতৃ ৷

ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে এগৰাকী অসহায় পিতৃয়ে ৷ অসহায় এই পিতৃজনৰ নাম হৈছে চিত্তৰঞ্জন সাহা ৷ সাহাৰ পুত্ৰ শুভাংকৰ সাহা বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰহস্যজনক ভাবে মৃত্যু হৈছিল ৷

২৬ বছৰীয়া শুভাংকৰক টেলিফোনেৰে অজ্ঞাত লোকে মাতি নি হত্যা কৰিছিল বুলি পিতৃয়ে নগাঁও সদৰ থানাত গোচৰ দাখিল কৰিছিল ৷ ২০২২ চনৰ ৫ ডিচেম্বৰত নগাঁও চহৰৰ কাষৰীয়া অঞ্চল মাজৰআটিৰ ৰে'ললাইনৰ কাষৰ এটা ডুবিত শুভাংকৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷

এই ঘটনাৰ পিছত পিতৃ চিত্তৰঞ্জন সাহাই হয়বৰগাঁও টাউন আৰক্ষী চকীৰ তেতিয়া বিষয়া আভাজ্যোতি ৰাভাক সন্দেহজনক ব্যক্তিৰ সন্দৰ্ভত অবগত কৰিছিল যদিও এছ আই ৰাভাই কোনো তদন্ত নকৰাকৈ আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল ৷

পৰবৰ্তী সময়ত পিতৃ সাহাই বিষয়টো তেতিয়াৰ আৰক্ষী অধীক্ষক লীনা দলে, ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু সদৰ থানাৰ পৰিদৰ্শক মনোজ কুমাৰ ৰাজবংশীক অবগত কৰিছিল যদিও সেই সময়ৰ এই কেইজন বিষয়াই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

আনকি তদন্তৰ বাবে তেতিয়াৰ আৰক্ষী বিষয়াসকলে শুভাংকৰৰ মোবাইল ফোনটোও উদ্ধাৰ নকৰিলে ৷ কিন্তু দহমাহৰ মূৰত যোৱা ১৬ ছেপ্তেম্বৰত আৰক্ষীয়ে হঠাৎ উদ্ধাৰ কৰে যুৱকজনে ব্যৱহাৰ কৰা মবাইলটো ৷

পিতৃ চিত্তৰঞ্জন সাহাই সেয়ে পুত্ৰ শুভাংকৰৰ মৃত্যুৰ ঘটনাৰ সঠিক তদন্তৰ দাবীৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত সমগ্ৰ ঘটনাৰ তদন্ত কৰোৱাই দোষীক উচিত শাস্তি প্ৰদান কৰাৰ ব্যৱস্হা কৰিব বুলি আশা কৰিছে হয়বৰগাঁও ইংলিচ পট্টিৰ দুৰ্ভগীয়া পিতৃ চিত্তৰঞ্জন সাহাই ৷

অসম আৰক্ষীৰ দায়িত্বহীনতা ! পুত্ৰৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুৰ্ভগীয়া পিতৃৰ...
অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in