ধেমাজিতো গুৰুজনাৰ জন্মোৎসৱ উদযাপন

দেওবাৰৰে পৰা দুদিনীয়াকৈ চমৰাজানৰ বৰনামঘৰত উদযাপন গুৰুজনাৰ জন্মোৎসৱ

author-image
Asomiya Pratidin
New Update
ধেমাজিতো গুৰুজনাৰ জন্মোৎসৱ উদযাপন

ডিজিটেল সংবাদ, ধেমাজিঃ দেওবাৰৰে পৰা দুদিনীয়াকৈ চমৰাজানৰ বৰনামঘৰত ধেমাজি জিলা বৈদিক সনাতন সমাজৰ সৌজন্যত আৰু চমৰাজান আঞ্চলিকৰ উদ্যোগত ৫৭৫ তম মহা পুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰা হয় ৷ প্ৰথম দিনা পুৱা ৫ বজাত নামঘৰীয়া অম্বেশ্বৰ চুতীয়াই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

Advertisment

পুৱা ৫.৩০ বজাত পূৰ্ণানন্দ চুতীয়াৰ নেতৃত্বত উষা কীৰ্তন, পুৱা ৬ বজাত আদৰণি সমিতিৰ সভাপতি সোমনাথ চুতীয়াৰ দ্বাৰা বৃক্ষ ৰোপণ,পুৱা ৬.৩০ বজাত বিপিন চুতীয়া আৰু ২ নং টেঙাপুৰ গাওঁবাসী ৰাইজৰ নেতৃত্বত পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচী সমাপন হয় । পুৱা ৮ বজাত ধেমাজি জিলা বৈদিক সনাতন সমাজৰ কাৰ্য্যকৰী সভাপতি দিনেশ গোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰা পিছতেই স্মৃতি তৰ্পন, শৰাই স্থাপন, নাম প্ৰসংগ, ভাগৱত পাঠ হয় ৷

বিয়লি ২ বজাত সুৰোজ দত্তই উদ্ধোধন কৰা গুৰুজনাৰ সাংস্কৃতিক অনুষ্ঠানত শিশু বক্তা ভাৰজ প্ৰতিম দিহিঙীয়াই বক্তব্য ৰাখে ৷ বিয়লি ৩.৩০ বজাত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল শৰ্মাই আঁত ধৰা কাৰ্য্যসূচীত অখণ্ড নাম আৰু গীতি নাতিকা আৰম্ভ হয়। উল্লেখ্য সোমবাৰে পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণেৰে দ্বিতীয় দিনা কাৰ্য্যসূচী আৰম্ভ হ'ব ৷ বিয়লি ১ বজাত অসম বৈদিক বৈষ্ণৱ মহাসভা মুখ্য উপদেষ্টা মহেন্দ্ৰ নাথ কোঁৱৰে উদ্ধোধন কৰিব লগীয়া সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব উত্তৰ লখিমপুৰ গীতাধাম সেৱা কেন্দ্ৰৰ আচাৰ্য লোহিত চন্দ্ৰ দেৱ শৰ্মা ৷

Also Read: চাওলুং চ্যুকাফা বিশ্ববিদ্যালয় প্রতিষ্ঠা সম্পৰ্কত চৰাইদেউত ৰাজহুৱা সভা

shankardev