/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1290a4d2-babc-4e6e-aef1-427abf6dc4a0/NAGAON_20.jpg)
নগাঁৱত শিশু অধীকাৰ দিৱস উদযাপন...
ডিজিটেল সংবাদ নগাঁও: শিশুসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে সাম্প্ৰতিক সময়ত এক বিশেষ পদক্ষেপ লোৱাৰ মানসেৰে মহিলা আৰু শিশু কল্যান বিভাগ নগাঁৱৰ অধীনত আজি শিশু অধিকাৰ দিৱসটি উদযাপন কৰা হয়। এই বিশেষ দিৱসটিৰ লগত সংগতি ৰাখি নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) ৰ সহযোগত উক্ত দিৱসটি উদযাপনৰ অৰ্থে 'বেটি বছাও বেটি পঢ়াও' আঁচনিৰ অধীনত দিনৰ ১০:৩০ বজাত নগাঁও চহৰৰ মাজেৰে এটি সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়।
উক্ত শোভাযাত্ৰাটি শুভ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰা আৰু নগাঁও জিলা মহিলা ও শিশু বিকাশ বিষয়া বিদ্যুৎ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ তত্বৱধায়ক তথা অধ্যাপক ড°ভূৱন চন্দ্ৰ চুতীয়া,জিলা মহিলা সবলিকৰণ কেন্দ্ৰৰ জিলা কাৰ্যক্ৰম সম্বনয়ক কুইন বৰা,পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন বিষয়া অঞ্জলি দাস,জিলা মিছন সম্বনয়ক বৰ্ণালীকা গোস্বামী,সমাজ কল্যাণ বিভাগৰ লিংগ বিশেষজ্ঞ সুৰজিত বৰঠাকুৰকে প্ৰমুখ্যে কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া- কৰ্মচাৰীসকল আৰু নগাঁও মহাবিদ্যালয় (অ’টনমাছ্)ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।