/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8afa76a2-1eb4-434f-830a-a81c238ebaae/jjm.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া সমীপৰ হাতীচোং কমাৰচুকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন আঁচনিৰ এটা নিৰ্মিয়মান প্ৰকল্পত বুধবাৰে সংঘটিত হয় এক অঘটন। উল্লেখ্য যে, হাতীচোং কমাৰচুকত যোৱা তিনি মাহ ধৰি নিৰ্মাণ কাৰ্য চলি থকা প্ৰকল্পৰ টেংকিত পৰি বুধবাৰে দুজন শ্ৰমিকৰ কৰুণ মৃত্যু হয়।
এই শোকাৱহ ঘটনাটো সংঘটিত হয় বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত । মৃত শ্ৰমিক ২জন হ'ল মৈৰাবাৰী মদাৰকুৰি চৰৰ আমিৰ হুছেইন(১৬) আৰু মৈৰাবাৰী ভজাই খাইটিৰ চাইফুদ্দিন(২৭)।
ইতিমধ্যে জাজৰি আৰক্ষী থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা পানীৰ টেঙ্কীটোৰ পৰা উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। আনহাতে, চৰকাৰী আঁচনি ৰূপায়নত ১৬ বছৰীয়া কিশোৰ নিয়োজিত কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Also Read: দেশৰ ৰাজধানীত দিনডকাইতিঃ মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে প্ৰায় ৫০০ গ্ৰাম সোণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us