নগাঁৱত কোচ-ৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস উদযাপন

নগাঁৱত কোচ-ৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস উদযাপন

ডিজিটেল সংবাদ,বটদ্ৰৱা : "বীৰ চিলাৰায় অকল কোচ-ৰাজবংশী জনগোষ্ঠীৰে বীৰ নহয়, জাতি-জনজাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াই গৌৰৱেৰে তেখেতক সন্মান দিব লাগে। কাৰণ তেওঁ পৃৃথীৱীৰ তিনিজন শ্ৰেষ্ঠ বীৰৰ অন্যতম।"- এই মন্তব্য কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি প্ৰভাত বৰাৰ।

শনিবাৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ দ্বাৰা নগাঁৱৰ চিলাৰায় ভৱনত আয়োজিত চিলাৰায় দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰি তেওঁ উক্ত ভাষণ প্ৰদান কৰে। ইয়াৰ পাছত চিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি তুৱাৰাম বৰুৱাই।

ইয়াৰ পিছত চিলাৰায় ভৱনত আয়োজিত চিলাৰায় দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। সভাপতিৰ আসনৰ পৰা ৰাজখোৱাই "মহাবীৰ চিলাৰায় কেৱল বীৰত্বৰ প্ৰতীকেই নহয়, তেওঁ আছিল ঐক্যবদ্ধ অসম নিৰ্মাণৰ বাবে অহোপুৰুষাৰ্থ কৰা এগৰাকী মহান সেনানায়ক । আজি‌ মহান বীৰ লাচিত বৰফুকনক উচিত সন্মান দিছে চৰকাৰে । এয়া প্ৰশংসনীয়। একেদৰে বীৰ চিলাৰায়কো যথাযোগ্য সন্মান দিব লাগে চৰকাৰে" বুলি পদুম ৰাজখোৱাই সভাপতিৰ আসনৰ উল্লেখ কৰে।

ৰাজখোৱাই কোচ-ৰাজবংশীসকলক ন্যাৰ্য মৰ্যদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় । এনি কাকতিৰ সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। বৰুৱাই নিজৰ ভাষণত চিলাৰায়ৰ বীৰত্ব আৰু কোচ ৰাজ্যৰ শাসনৰ জ‌য়গাঠা বৰ্ণনা কৰে আৰু চিলাৰায় লাচিতৰ দৰেই মহান বীৰ আছিল বুলি উল্লেখ কৰেে।

কোচ-ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা সভাখনিত চিলাৰায়ৰ প্ৰশস্তিৰে অৰবিন্দ ডেকাৰ ৰচনা আৰু সুৰেৰে এটি গীত মুকলি কৰা হয়। সমাজসেৱক সুৰেশ বৰাই শুভেচ্ছামূলক ভাষণ দিয়া সভাত মহাবীৰ চিলাৰায়ৰ শৌৰ্য-বীৰ্য আৰু কোঁচসকলৰ ভূমিকা প্ৰসঙ্গত বক্তৃতা প্ৰদান কৰে গৰিয়ামৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি জইনুদ্দিন আহমেদ, অধ্যাপক ভৱানন্দ বৰা, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, কবি লক্ষীপ্ৰসাদ ডেকা আৰু নৰেন ডেকাই ।

এই সভাত কোচ-ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি মনোজকুমাৰ শইকীয়া, উপ-সভাপতি প্ৰি‌য়নাথ বৰা, কবিন্দ্ৰ ডেকা, চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি তুৱাৰাম বৰুৱা প্ৰমুখ্যে ডেৰ শতাধিক কোচ-ৰাজবংশীলোক উপস্থিত থাকে। সভাত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাই বিশেষ বক্তৃতাও প্ৰদান কৰি "কোঁচ-ৰাজবংশীসকলক চৰকাৰে সদায় কেৱল বঞ্চনা আৰু অৱহেলা কৰি আহিছে" বুলি ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ কয় যে আজি বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধি চৰকাৰৰ অংশ হৈ আছে।‌ কিন্তু বিধানসভা, লোকসভা ক'তোৱেই কোচ-ৰাজবংশীসকলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া নাই চৰকাৰে। এয়া অতিশয় দু:খজনক কথা। নিজৰ ন্যাৰ্য মৰ্যাদা আদায় কৰিবলৈ কোচ-ৰাজবংশীসকল ঐক্যবদ্ধ আৰু সংগঠিত হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

কবি মহেন্দ্ৰ হাজৰিকাই কবিতা পাঠ কৰা সভাত সদ্য ঘোষিত লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আলোক ডেকা আৰু মঞ্জুশ্ৰী বৰাক সম্বৰ্ধনা জনোৱা হয়। লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ মাতু ডেকা, ললিতা ডেকা, দীপন্তি ৰাজবংশী, অৱসৰপ্ৰাপ্ত অভিযন্তা যাদৱ ডেকাকো সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে চিলাৰায় দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সেই কাৰ্যসূচী শুভাৰম্ভ কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি তৰুণচন্দ্ৰ ডেকাই।

নগাঁৱত কোচ-ৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস উদযাপন
অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নাজানিব বুলি ভবাটো ভুলঃ তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠানত ডাঃ নাৰায়ণ শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in