/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bc730b69-d2f3-46fe-9101-f6053ee8605d/10.jpg)
ডিজিটেল সংবাদ,নগাঁও : হাতীমুৰা মথাউৰিৰ ভগ্ন অংশত মঙলবাৰে নিশা আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা মথাউৰিৰ ভগা অংশত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শীঘ্ৰে ভগা অংশত জিঅ’ বেগৰ সহায়ত মথাউৰি মেৰামতি কৰা হ'ব বুলি জানিবলৈ দিয়ে।
ডিব্ৰুগড়ত বৰ্তমান পানী পূৰ্বৰ তুলনাত কমিছে বুলি জানিব দি লগতে কয়- হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত হাতীমুৰা মথাউৰি ভাগি যায় বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়- বান্ধ চিঙাটো এক দুৰ্ঘটনা। পোনচাটেই কাৰোবাৰ ভুল বুলি তদন্তৰ পোষকতা কৰিব নোৱাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ff5f68f-25a2-4c85-abf6-62c730dbc861/449690250_1021988549294701_1749835074317245869_n.jpg)
কলং পুনৰুজ্জীৱিত কৰণ আঁচনি পুনৰ বিবেচনা কৰা হ'ব। গুৱাহাটী আইআইটিক বিষয়টো পৰ্যালোচনা কৰিবলৈ দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।কলং বোৱতী হ'ব নহয় আকৌ এবাৰ চিন্তা কৰিব লাগিব ।
তেওঁ কলং আকৌ উজ্জীৱিত কৰা আঁচনি ৰূপায়ন প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে হাতীমুৰা মথাউৰিৰ এক অংশ চিঙি পেলোৱাৰ পাছত এই সমগ্ৰ বিষয়টো পুনৰ পৰ্যবেক্ষণ কৰা হ'ব মন্তব্য কৰে। কলং বোৱাই তোলাৰ ক্ষেত্ৰত ভিন্ন জনৰ ভিন্ন মতামত আছে। নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱাৰ কবিতা পঢ়ি কোনোবাই কলং আকৌ বোৱাই তুলিব লাগিব বুলি আৱেগিক হৈ কলঙক বোৱাতী নৈ হিচাপে দেখিবলৈ বিচাৰিছিলে, কলং বিজ্ঞানসন্মতভাৱে বোৱতী কৰিবলৈ ভাৰত চৰকাৰৰ এটা সংস্থাই অধ্যয়ন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7d89d191-4861-475d-a39e-36cf65d868c7/449361938_1021988345961388_7138467894573218467_n.jpg)
ইয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও প্ৰক্ৰিয়া চলি থাকোতে এই অঘটন ঘটিল। সেয়ে সমগ্ৰ বিষয়টো পুনৰ পৰ্যালোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যদি কিবা বিসংগতি আছিল তাৰো তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বোৱাতী কলঙৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিব বুলি কয়।
বানৰ কবলত পৰা প্ৰতিটো পৰিয়ালে যাতে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা লাভ কৰিব পাৰে তাৰো নিৰ্দেশ দিয়ে নগাঁও জিলাৰ উপায়ুক্তগৰাকীক।
Also Read: এছ ডি আৰ এফৰ সাজ পিন্ধি বানাক্ৰান্তক উদ্ধাৰ বিধায়ক অখিল গগৈৰ