/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c083860f-1fa7-4fe4-bacd-50a109b103f9/9.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ : সম্প্ৰতি শিৱসাগৰ জিলাৰ নদী আৰু উপ নদীসমূহে কালৰূপ ধাৰণ কৰিছে । শিৱসাগৰ জিলাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰৰ, দিচাং, দিখৌ, দিহাং নদীৰ লগতে দৰিকা উপ নদীৰ পানী বিপদ সীমাৰ ওপৰেদি প্ৰবাহিত হৈ আছে।
বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীয়ে বিগত ৪ দিন ধৰি প্ৰবল বান আৰু খহনীয়াৰ সৃষ্টি কৰাৰ ফলত সমগ্ৰ জিলাখনৰ অৰ্দ্ধ শতাধিক গাঁও প্লাবিত হৈছে ৷ ১০,০০০ লোক গৃহহীন হৈ মঠাউৰি আৰু ৰাজপথত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে শ শ পশুধন সন্ধানহীন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b5e17aad-b69b-4fca-bc72-d9c6ad9aff0c/7560e2ed-71ef-4fca-8457-96d234a525a9.jpg)
ইয়াৰ ভিতৰত দিচাংমুখ, দিখৌমুখৰ ঐতিহাসিক স’ৰাগুৰি চাপৰি, ৰামখাপীঠ দেৱালয় জলমগ্ন হৈ আছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এছ ডি আৰ এফৰ সাজ পৰিধান কৰি বানৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰত নিজে নামি পৰিছে ৷ ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰা মঙলবাৰে শিৱসাগৰত উপস্থিত হৈ জিলাখনৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে।
শিৱসাগৰ জিলা আয়ুক্ত আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে দিচাংমুখ, আলিছিগা, অফলা, মাজৰবাৰী অঞ্চল পৰিদৰ্শন কৰি ঐতিহাসিক শ'ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ অভাৱ অভিযোগ সম্পৰ্কত বিশদ ভাবে আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/23d08737-2ac9-4e5b-ad3a-79e4f226a199/98cec238-1dc4-4263-93dc-df67ab6df6ab.jpg)
এই আলোচনাৰ অন্ততঃ শিৱসাগৰ জিলাৰ জটিল বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলো ধৰণৰ প্ৰস্তুতি সাজু ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পাছতেই মন্ত্ৰী বিমল বৰাই শান্তিপুৰ,ন- কটানি, বলিয়াঘাট আৰু ভাটি বনগাঁও অঞ্চললৈ গৈ বাধাক্ৰান্ত ৰাইজৰ সৈতে আলোচনা কৰি গৃহহীন, বানাক্ৰান্ত ৰাইজৰ বাবে তৎকালীন ভাৱে বান সাহায্য আগবঢ়ালৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/03b7dba1-0fe2-44cf-8bbd-635a9d61eb11/65491068-9599-4c8f-92b0-d5a590537e86.jpg)
তাৰপিছতেই মন্ত্ৰী বিমল বৰাই শিৱসাগৰ চহৰৰ ১০ নং ৱাৰ্ডৰ বানাক্ৰান্ত চলে গাঁও অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সংলগ্ন চিন্ময় স্মিতা চুতীয়া আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া পাৰ্থ দত্ত উপস্থিত থাকে।
আনহাতে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চল, শান্তিপুৰ আৰু দিচাংমুখত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। দিচাংমুখৰ ওখ ওখ চাং ঘৰ সমূহো বানত প্লাবিত হৈ থকাত বহু পৰিয়ালে ঘৰ এৰি মথাউৰিত আশ্ৰয় লোৱাৰ বিপৰীতে একাংশই ঘৰৰ ভিতৰতে উজাগৰি নিশা পাৰ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e1b62cd3-32d4-45e4-910a-70d96ab264ab/27502eec-32e1-42e7-acca-88d10fc695db.jpg)
ইপিনে চৰণীয়া পথাৰ, গোহালি সকলো বান পানীত ডুব গৈ থকাত পশুধন বিলাক ওখ মথাউৰিত বান্ধি থবলগীয়া হোৱাত খাদ্য সংকটে দেখা দিছে। আনহাতে ঐতিহাসিক আজানপীৰ দৰগাহলৈ যোৱা মূল পথটো বানত সম্পূৰ্ণ ডুব যায়।
শিৱসাগৰ চহৰৰ সমীপৰ ভাটী বনগাঁও অঞ্চলত আজি বিধায়ক অখিল গগৈয়ে এছ ডি আৰ এফৰ লগত একেলগে উদ্ধাৰ অভিযান চলায় ৷ বানাক্ৰান্ত সকলক বনগাঁও হাইস্কুলত আশ্ৰয় শিবিৰ খুলি থকাৰ ব্যৱস্থা কৰি দিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a850d526-79c6-47f2-8413-36300f0fd0d0/449434840_501533738883086_5672568970493315846_n.jpg)
শিৱসাগৰ চহৰৰ ৯ আৰু ১০ নং ৱাৰ্ডৰ বানাক্ৰান্ত লোকক ফুকন নগৰ প্ৰাথমিক বিদ্যালয়, থানামুখ বিদ্যালয় সহিতে চাৰিটা আশ্ৰয় শিবিৰত থাকিবলৈ সুবিধা কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷
Also Read: হাওৰাঘাটত জিলা ভিত্তিক বিভিন্ন প্ৰতিযোগিতা সম্পন্ন