/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/81f6fe97-881e-47ad-b13c-75b8586d6aa1/433.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জুৰিৰৰপাৰত চালান বিহীনভাৱে কাঠ সৰবৰাহ কৰাৰ সন্দেহত স্থানীয় লোকে এখন কাঠৰ গাড়ী জব্দ কৰে। হামৰে়ণৰ পৰা কচুৱা তিনিআলি বজাৰ অভিমুখে আহি থকা অৱস্থাত ৰাইজৰ সন্দেহ ওপজাত গাড়ীখন ৰখাই সোধা-পোছা কৰাত চালান দিব নোৱাৰাত AS-02-CC-8559 নম্বৰৰ 407 পিকাপ গাড়ীখন জব্দ কৰে।
পিছত স্থানীয় ৰাইজে কামপুৰ বন আঞ্চলিক কাৰ্যালয়ক কাঠসহ গাড়ীখন চমজাই দিয়ে। বৰ্তমান কামপুৰ বন আঞ্চলিক কাৰ্যালয়ত সমগ্ৰ বিষয়টো তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে কামপুৰ বনাঞ্চলিক বিষয়া ৰঞ্জিত ফুকনে।
Also Read: কোকৰাঝাৰত ৫শতাধিক ইউ পি পি এল আৰু বিজেপি কৰ্মীৰ বি পি এফত যোগদান