কোকৰাঝাৰত ৫শতাধিক ইউ পি পি এল আৰু বিজেপি কৰ্মীৰ বি পি এফত যোগদান

কোকৰাঝাৰত ৫শতাধিক ইউ পি পি এল আৰু বিজেপি কৰ্মীৰ বি পি এফত যোগদান

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ৫শতাধিক ইউ পি পি এল আৰু বিজেপি কৰ্মীৰ বি পি এফত যোগদান

ডিজিটেল সংবাদ,কোকৰাঝাৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা। কোকৰাঝাৰ লোজসভা আসনক লৈয়ো সকলো দলৰে মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে।

Advertisment

এইবাৰ সন্মানজনক কোকৰাঝাৰ লোকসভা আসনখন কোনে দখল কৰিব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে বিপিএফে প্ৰতিদিনে তৃণমূল পৰ্যায়ত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে উঠিপৰি লাগিছে। তদুপৰি প্ৰায় প্ৰতিদিনে বিপিএফত দলে-বলে যোগদান কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে।

শনিবাৰে বিপিএফৰ কোকৰাঝাৰ জিলা বেংগলী কোষৰ উদ্যোগত শান্তিনগৰৰ প্ৰগতি সংঘৰ পথাৰত আয়োজিত হোৱা যোগদান সভা তথা ৰাজহুৱা সভাত প্ৰায় ৫ শতাধিক ইউপিপিএল আৰু বিজেপিৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক দলীয় প্ৰতীকেৰে আদৰণি জনায় ।

লক্ষণীয়ভাৱে আজি যোগদান কৰা সদস্যসকল অধিকাংশই মহিলা সদস্যা আছিল ।ইপিনে যোগদান সভা তথা ৰাজহুৱা সভাৰ অন্তত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, ইউপিপিএলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে। যেনেধৰণে কাম হ'ব বুলি ভাবিছিল সেয়া হোৱা নাই।

বিগত তিনি বছৰে একো কাম হোৱা নাই বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, আচলতে প্ৰমোদ বড়োই ভুল কৰিছে। যাৰফলত ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকল বিপিএফত যোগদান কৰিছে। ইউপিপিএলত কোনো ভৱিষ্যত নাই ।

বিজেপিৰ কৰ্মীসকলে তিনি বছৰ সমৰ্থন কৰিলে কিন্তু একো নাপালে। ভৱিষ্যতেও পোৱাৰ কোনো সম্ভাৱনা নাই। যাৰ ফলতেই ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকল বিপিএফত যোগদান কৰিছে। আনহাতে একালৰ বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী হ'ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে পুনৰাই চন্দন ব্ৰহ্ম কোন মই চিনি নাপাওঁ বুলি মন্তব্য কৰে।

তদুপৰি লোকসভা নিৰ্বাচনৰ বাবে বিপিএফৰ প্ৰাৰ্থী অহা ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইপিনে বিজেপিৰ সদ্যপদত্যাগী জিলা সভাপতি তথা বৰ্তমান বিজেপি দলত যোগদান কৰা ৰাজকুমাৰ ব্ৰহ্মই বৰ্তমানলৈকে জিলা সমিতি ,মণ্ডল সমিতিৰ প্ৰায় ১৫০০ বিজেপিৰ কাৰ্যকৰ্তাই বিপিএফ দলত যোগদান কৰা বুলি মন্তব্য কৰিছে।

অহা জানুৱাৰী মাহত পুনৰ ৫০০ বিজেপিৰ কাৰ্যকৰ্তাই বিপিএফত যোগদান কৰিব বুলি মন্তব্য কৰে ৰাজকুমাৰ ব্ৰহ্মই । আজি যোগদান কৰা ৫০০ সদস্যৰ ভিতৰত ৪০০ জনেই বিজেপিৰ কাৰ্যকৰ্তা আছিল বুলি মন্তব্য কৰে।

ইউপিপিএল বিজেপিৰ শাসনকালত বিটিচিৰ অৰ্থনীতি বেয়া হৈছে আৰু বিটিচিত সকলো বাহিৰৰ ঠিকাদাৰে হে কাম পোৱাৰ ফলত স্থানীয় বজাৰ বেয়া হৈছে বুলিও মন্তব্য কৰে ৰাজকুমাৰ ব্ৰহ্মই । উল্লেখ্য যে, আজিৰ সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম,বিপিএফৰ জিলা সমিতিৰ সভাপতি তথা বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী, বিপিএফৰ বেংগলী কোষৰ সভাপতি প্ৰবীৰ স্যানাল আদিকে ধৰি বহুতো আগশাৰীৰ নেতা উপস্থিত আছিল।

Also Read: মণিকূট প্ৰকাশনৰ নৱতম উপন্যাস 'উত্তৰণ' উন্মোচন

hagrama mahilary bpf uppl bjp kokrajhar