নগাঁৱৰ ইক’ গেছ চেম্বাৰলৈ ণ্ডিয়ান অইলৰ চেয়াৰমেনছ পেনেল ২০২৩-২৫ ৰ স্বীকৃতি...

নগাঁৱৰ ইক’ গেছ চেম্বাৰলৈ ণ্ডিয়ান অইলৰ চেয়াৰমেনছ পেনেল ২০২৩-২৫ ৰ স্বীকৃতি...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ইক’ গেছ চেম্বাৰলৈ ণ্ডিয়ান অইলৰ  চেয়াৰমেনছ পেনেল ২০২৩-২৫ ৰ স্বীকৃতি...

নগাঁৱৰ ইক’ গেছ চেম্বাৰলৈ ণ্ডিয়ান অইলৰ চেয়াৰমেনছ পেনেল ২০২৩-২৫ ৰ স্বীকৃতি...

ডিজিটেল সংবাদ নগাঁও : ব্যৱসায়ীক খণ্ডত নগাঁৱলৈ সুনাম ৷ অসমীয়া ব্যৱসায়ী দিলীপ গোস্বামীলৈ ইণ্ডিয়ান অইলে আগবঢ়াইছে বিশেষ সন্মান ৷ চল্লিশ বছৰে ইণ্ডিয়ান অইলৰ নীতিৰ মাজেৰে নিষ্ঠাৰে সেৱা আগবঢ়োৱা মেচাৰ্চ ইক’ গেছ ছেম্বাৰক প্ৰদান কৰা হৈছে চেয়াৰপাৰ্চন পেনেল ২০২৩-২০২৫ ৷

Advertisment

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে স্বতাধিকাৰী দিলীপ গোস্বামীৰ মেচাৰ্চ ইক’ গেছ চেম্বাৰলৈ আগবঢ়োৱা চেয়াৰমেনচ পেনেল ২০২৩-২৫ স্বীকৃতি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক স্বীকৃতি ৷ ইণ্ডিয়ান আইলৰ এল পি জি শাখাই নগাঁৱৰ বৰঘাট বাইপাচৰ ৰিফ্ৰেচক’ৰ সভাগৃহত চেয়াৰপাৰচনচ পেনেল২০২৩-২৫ প্ৰদানৰ উপলক্ষে এক অনুষ্ঠান শনিবাৰে বিয়লি অনুষ্ঠিত কৰে ৷

অইলৰ বিষয়া নৱজ্যোতি ডেকাই আঁতধৰা অনুষ্ঠানটিত চিজিএম দীনেশ প্ৰসাদ বিদ্যাৰ্থী, জি এম শ্যাম দেৱনাথ, বিষয়া মনোৰঞ্জন কলিতা আদি উপস্থিত থাকে। অনুষ্ঠানটিত মেচাৰ্চ ইক’ গেছ চেম্বাৰৰ স্বতাধিকাৰী দীলিপ গোস্বামীৰ লগতে প্ৰতিস্থানটিৰ প্ৰতিজন কৰ্মচাৰীক ইণ্ডিয়ান আইলৰ তৰফৰ পৰা সন্মানিত কৰাৰ লগতে উপহাৰ প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানতে কম খৰচৰ এল পি জি কুকটপ ষ্টোফ এটি মুকলি কৰা হয় ৷

Also Read: ধলাই উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান বিজেপি, আপৰ কৰ্মীৰ...

ইণ্ডিয়ান অইল