/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/18cf3c21-019c-4194-b690-05385a26b298/silchar 3.jpg)
ধলাই উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান বিজেপি, আপৰ কৰ্মীৰ...
ডিজিটেল সংবাদ শিলচৰঃ ধলাই বিধান সভাৰ উপ-নিৰ্বাচনক লক্ষ্য ৰাখি বিজেপিৰ লগতে শিলচৰ কংগ্ৰেছও আগতীয়াকৈ ককাঁলত টঙালি বান্ধিছে। ধলাই সমষ্টি নিজৰ দখললৈ অনাৰ বাবে কংগ্ৰেছে দলক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে।
গুৰুত্ব দিছে বিভিন্ন দলৰ কৰ্মীক কংগ্ৰেছত যোগদান কৰোৱাৰ ক্ষেত্ৰতো। ইয়াৰে অংশ হিচাপে শনিবাৰে বিজেপি আৰু আম আদমী পাৰ্টি ত্যাগ কৰি ২৫০ জন কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।
নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ দ্বায়িত্ব প্রাপ্ত পৃথিবী ৰাজ প্ৰভাকৰ চাথেৰ উপস্হিতিত কংগ্ৰেছত যোগদান কৰে বিজেপি আৰু আম আদমীৰ কৰ্মী সকলে। শিলচৰ জিলা কংগ্ৰেছ কাৰ্যলয়ত আয়োজিত এই যোগদান কাৰ্যসূচীত ভাষণ দি পৃথিবী ৰাজ প্ৰভাকৰ চাথে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোছনা কৰে।
যোগদান অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পাল, বৰখলা আৰু কাটিগৰাৰ বিধায়ক ক্ৰমে মিছবাহুল ইছলাম লস্কৰ আৰু খলিল উদ্দিন মজুমদাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিং সহ কেবাজনো কং নেতা কৰ্মী উপস্হিত থাকে।
Also Read: সুচেন্দ্ৰ নাথ ভূঞাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বৰ্ক্তৃতা অনুষ্ঠান সম্পন্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us