সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ লাইখুঁটা স্থাপন

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত ৫০বছৰ গৰকি যোৱা ঐতিহাসিক খাদ্য আন্দোলনক স্মৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে উদযাপন কৰে ছাত্ৰ সংহতি দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয়ভাৱে শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ গৃহভূমি ভূৰবন্ধা অঞ্চলৰ মাজমজিয়াত অনুষ্ঠিত কৰা হব।

সেই উপলক্ষে দেওবাৰে ১০ জুন তাৰিখে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটিৰ লাইখুঁটা স্থাপন কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হৈ যায়।আদৰণী সমিতিৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে আঁতধৰা অনুষ্ঠানটোত লাইখুঁটা স্থাপক হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলাখনৰ এগৰাকী পুৰোধা ব্যক্তি তথা বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথ দেৱ। লাইখুঁটা স্থাপন কাৰ্যসূচীটোত মূখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। সন্মানীয় অতিথি হিচাপে মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত হাজৰিকা, ঔগুৰি মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিতুমনি দাসৰ লগতে শংকৰদেৱ বিদ্যা নিকেতন(ভূৰবন্ধা)ৰ প্ৰধান আচাৰ্জ পংকজ কু: বৰা উপস্থিত থাকে।

লাইখুঁটা স্থাপক হিচাপে উপস্থিত থকা শিক্ষাবিদ পোনাৰাম নাথদেৱে নিজৰ বক্তব্যত ১৯৭৪ চনৰ সেই ঐতিহাসিক খাদ্য আন্দোলনৰ কথা হুবহু ৰূপেৰে দাঙি ধৰে।অনুষ্ঠানটোত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মাই অহা ৯ আৰু ১০ জুনত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সকলো ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে সমগ্ৰ জিলাবাসী ৰাইজৰ পূৰ্ণাংগ সহযোগিতা কামনা কৰে। উক্ত অনুষ্ঠানত আদৰণী সমিতিৰ সভাপতি যোগল কিশোৰ চৌধুৰী কাৰ্যকৰী সভাপতিদ্বয় মৃদুল কুমাৰ শৰ্মা উপস্থিত থাকে।

লগতে অনুপম ভাগৱতী, যুতীয়া সম্পাদক চন্দন ইংতি, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি চৌধুৰী, অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অতনু শৰ্মা, অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ সংগঠক হিমাংশু মহন্ত ও ভীমবৰ দেউৰী বঁটা প্ৰাপক মিলেশ্বৰ পাতৰকে প্ৰমুখ্যে কৰি জিলাখনৰ বিশিষ্ট গণ্য-মান্য ব্যক্তিসকল , জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে প্ৰাক্তন ছাত্ৰনেতা সকল ও জিলাখনৰ প্ৰতিটো অঞ্চলৰ পৰা একোজনকৈ পুৰোধা ব্যক্তি উপস্থিত থাকে।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ লাইখুঁটা স্থাপন
বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতিৰ সিদ্ধান্ত ল'লে আম আদমি পার্টীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in