সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সামৰণি...

সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সামৰণি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল নগাঁৱৰ সোণাই নদীৰ উত্তৰ আঞ্চলিক ৩৭সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপৰ গীত, বৰ বিহুবতী জাগৃতি কলিতাৰ বিহু দল, ৰং বসন্ত বিহু হুঁচৰি দল, চকলাঘাট সোনাইপৰীয়া (দক্ষিণ) জেং বিহু দল, ৰাতুল গোস্বামীৰ কৌতুকৰে সোমবাৰে পুৱতি নিশালৈকে জীপাল হোৱা সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে কেন্দ্ৰীয় ৰঙালী বিহু।

গুৰুপদ দাস সোৱৰণী মঞ্চ মুকলি কৰে চকলাঘাটৰ সোনাইপৰীয়া (দক্ষিণ) দলে ৷ কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই৷ উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৱকুমাৰ বৰা আৰু সাংস্কৃতিক সম্পাদক গোবিন চন্দ্ৰ দাসে আঁত ধৰা এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ৷

আনহাতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা যতীন শইকীয়া আৰু কৌশল্যা শইকীয়া সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাত শান্তনু শইকীয়া, মৃগনাভ যোগী, ভাস্কৰ বৰাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান আৰু বিস্মৃতা শইকীয়াই নিচুকনি বঁটা লাভ কৰে ৷

ইয়াৰ পাছতে উদ্‌যাপন সমিতিয়ে এক ইতিবাচক পদক্ষেপ হিচাপে বৃহত্তৰ অঞ্চলটোৰ সমাজ জীৱন সমৃদ্ধ কৰা ১০১গৰাকী বয়োজ্যেষ্ঠক সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ লগত অন্তৰংগ আলাপত মিলিত হয়৷ সাংস্কৃতিক সম্পাদক গোবিন চন্দ্ৰ দাসে উদ্দেশ্য বাখ্যা কৰা এই বয়োজ্যেষ্ঠসকলৰ সৈতে অন্তৰংগ অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী বুধেন শইকীয়াই ৷

সোণাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা প্ৰবীন কলিতা, নৱকমল ৰাজা, ধিৰ সিং পাটৰ, তিলক ডেকা, নগেন বৰা আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে উদ্‌যাপন সভাপতি ৰোহিনী বৰা, কাৰ্যকৰী সভাপতি নৱ কুমাৰ বৰা, সাধাৰণ সম্পাদক ৰিণ্টু গোস্বামী, সাংস্কৃতিক সম্পাদক পঞ্জু বৰদলৈ, বিত্ত সম্পাদক দীপজ্যোতি শইকীয়া, প্ৰমোদ কুমাৰ দাস, ৰমেশ বৰা, প্ৰভাত দাস, তিলক হাজৰিকা, সূৰ্য ৰাজখোৱা, দীপক কুমাৰ দাস, নৰকান্ত দাস, ভাৰ্গব জ্যোতি বৰা, গৌতম কামাখ্যা, ভাস্কৰ ভূঞাকে ধৰি উদ্‌যাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

বিয়লি বিহুৰাম পাটৰ আৰু আইকন পাটৰ পাটৰ সোঁৱৰণী জিলা ভিত্তিক জেং বিহু প্ৰতিযোগিতাত সোনাইপৰীয়া (দক্ষিণ) জেং বিহু দলে প্ৰথম, থুৰীয়া জেং বিহু দলে দ্বিতীয় আৰু গগনা জেং বিহু দলে তৃতীয় স্থান অধিকাৰ কৰে৷ সন্ধিয়া বঁটা বিতৰণী সভা উদ্ধোধন কৰে দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বীৰবল বহ্মই।

সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সামৰণি...
ধেমাজিত টেক্টৰ দিয়া নামত প্ৰৱঞ্চকৰ ধন সংগ্ৰহঃ গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in