ধেমাজিত টেক্টৰ দিয়া নামত প্ৰৱঞ্চকৰ ধন সংগ্ৰহঃ গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক...

ধেমাজিত টেক্টৰ দিয়া নামত প্ৰৱঞ্চকৰ ধন সংগ্ৰহঃ গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই প্ৰৱঞ্চকক। ৰাজ সাহায্যৰ জৰিয়তে ধেমাজি কৃষি বিভাগৰ পৰা টেক্টৰ দিয়া নামত চৰকাৰী গাওঁবুঢ়াৰ পৰা প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা দুই প্ৰৱঞ্চকক ধেমাজি আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে। এই ঘটনাই ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাৰ তথ্যমতে বিগত মাহৰ ১৭ এপ্ৰিলৰ পৰাই ৰাহুল গগৈ ধেমাজি কৃষি বিভাগৰ অভিযান্ত্ৰিক কোষৰ অভিযন্ত্ৰা বুলি ভুৱা পৰিচয় দি অনলাইনযোগে ধেমাজিৰ কেইবাগৰাকী গাওঁবুঢ়াৰ ফোন নম্বৰ সংগ্ৰহ কৰি ফোনতে টেক্টৰ দিয়া নামত এক জালিয়াতি চক্ৰই অবাধে ধন সংগ্ৰহ কৰিছিল ৷

অভিযোগমতে চক্ৰটোৱে প্ৰতিখন ৰাজহ গাঁৱৰ নামত কৃষি বিজ্ঞান বিভাগৰ পৰা ৯৫শতাংশ ৰাজসাহায্য যুক্ত একোখনকৈ ট্ৰেক্টৰ দিয়া হৈছে আৰু মাথো ৫শতাংশ ধন দিলেই ট্ৰেক্টৰ লাভ কৰিব বুলি ভুৱা প্ৰলোভনেৰে ফোন কৰিছিল ৷ ইফালে যোৱা এপ্ৰিল মাহতেই ধেমাজি চৌখাম গাঁৱৰ লাট গাওঁবুঢ়া সত্য প্ৰসাদ বৰুৱা পৰা ২৫হাজাৰ আৰু বটুৱামুখ গাওঁৰ লাট গাওঁবুঢ়া পুষ্প নৰহৰ পৰা ২২হাজাৰ টকা আদায় লোৱা পিছতো কথা দিয়ামতে ট্ৰেক্টৰ নোপোৱাত অৱশেষত আৰক্ষীৰ কাষ চাপে প্ৰৱঞ্চিত দুই চৰকাৰী গাওঁবুঢ়াই৷

প্ৰৱঞ্চক কেইটাৰ ফোন নম্বৰ আৰু গুগুল পে’ৰ নম্বৰৰ পম খেদি অৱশেষত মঙলবাৰে ধেমাজি আৰক্ষীয়ে ডিব্ৰুগড় বৰবৰুৱাৰ থানাৰ কলাখোৱা বাঁহবাৰী গাঁৱৰ বৈকুণ্ঠ বৰা আৰু খোৱাং ১নং শিলপোটা গাওঁৰ অবিনাশ গোঁহাই নামৰ দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ধেমাজি অসামৰকি চিকিৎসালয়ত দুই প্ৰৱঞ্চককে স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ পাছতে ধেমাজি মুখ্য ন্যায়ায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু অধিক তদন্তৰ বাবে তিনিদিনৰ কাৰণে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ধেমাজি আৰক্ষীয়ে ধৃত প্ৰৱঞ্চৰ দুটাক সোধাপোচা অব্যাহত ৰাখিছে ৷

ধেমাজিত টেক্টৰ দিয়া নামত প্ৰৱঞ্চকৰ ধন সংগ্ৰহঃ গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক...
স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্ত ল'লে দেৱলীনা সোণোৱালে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in