জোনমণি কাণ্ড সন্দৰ্ভত লীনা দলেৰ নগাওঁৰ দেহৰক্ষীক CBI ৰ সোধা-পোছা...

জোনমণি কাণ্ড সন্দৰ্ভত লীনা দলেৰ নগাওঁৰ দেহৰক্ষীক CBI ৰ সোধা-পোছা...
জোনমণি কাণ্ড সন্দৰ্ভত লীনা দলেৰ নগাওঁৰ দেহৰক্ষীক CBI ৰ সোধা-পোছা...

ডিজিটেল ডেস্কঃ জোনমণি ৰাভা কাণ্ডৰ তদন্ত অব্যাহত ৰখা চি বি আইয়ে ইতিমধ্যে এটা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিছে যদিও আন ৩ টা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ এতিয়াও বাকী আছে। এই তিনিওটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইৰ তদন্তকাৰী দলটোৱে।

এই তদন্তকাৰী দলটোৱ ২৫ আগষ্ট, শুকুৰবাৰে নগাওঁত উপস্থিত হৈ পুনৰ কেইবাজনো আৰক্ষীক সোধা-পোছা অব্যাহত ৰাখিছে। নগাওঁৰ আৱৰ্তভৱনত তদন্তকাৰী দলটোৱে আজি সোধা-পোছা চলোৱা আৰক্ষী জোৱানসকল হৈছে নগাওঁ জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষক তথা জোনমণি কাণ্ডৰে নাম সাঙুৰ খাই পৰা লীনা দলেৰ দেহৰক্ষী।

উল্লেখ্য যে, নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে লীনা দলেৰ নাম জোনমণি কাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল। জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা গোচৰত আৰক্ষী অধীক্ষক লীনা দলেৰ নামো উল্লেখ কৰিছিল।

কিন্তু তাৰ পাছতো আৰক্ষী অধীক্ষক লীনা দলেক চি বি আইৰ দলে এই পৰ্যন্ত সোধা-পোছা কৰা নাই। মাজতে এবাৰ চি বি আইয়ে লীনা দলেক গুৱাহাটীৰ কোনো এক অজ্ঞাত স্থানত সোধা-পোছা কৰিছিল বুলি খবৰ প্ৰকাশ পাইছিল যদিও সেই সন্দৰ্ভত কোনো পতিয়যোগ্য তথ্য পোহৰলৈ অহা নাছিল। যাক লৈ এতিয়াও ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

ইফালে লখিমপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰৰ বিৰুদ্ধে তদন্ত চলাই চি বি আইৰ দলটোৱে চাৰিজন নকল সোণ ব্যৱসায়ীক দোষী সাব্যস্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছে। এই গোচৰটোৰ নম্বৰ আছিল ৯৬/২০২৩। এই গোচৰটোত দোষী সাব্যস্ত হোৱা নকল সোণ ব্যৱসায়ী চাৰিটা ক্ৰমে নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম আৰু মজিবুৰ ৰহমান।

জোনমণি কাণ্ড সন্দৰ্ভত লীনা দলেৰ নগাওঁৰ দেহৰক্ষীক CBI ৰ সোধা-পোছা...
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in