বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ...

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ...
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, গোলাঘাট : আজি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত চাহ শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, বাগিছাৰ লাইনত থকা চাহ শ্রমিকসকলক বসুন্ধৰা০.৩ আঁচনিত অন্তর্ভুক্ত কৰা, বাগিছাৰ কোম্পানীয়ে প্ৰতিখন বাগিছাৰ লাইনত পকীঘৰ আৰু শৌচালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, অসম চাহ নিগমৰ অধীনস্থ সকলো বাগিছাৰ বকেয়াৰ ধন আদায় দিয়া, অৱসৰ লাভ কৰাৰ তিনিমাহৰ ভিতৰত অৱসৰপ্ৰাপ্ত শ্রমিকসকলৰ প্ৰাপ্য আদায় দিয়া আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত আৰু জিলাখনৰ শতাধিক শ্ৰমিকৰ সহযোগত পুৱা অৱস্থান ধৰ্মঘট পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সংঘৰ গোলাঘাট শাখাৰ সভাপতি মূকেশ জালে।

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ...
বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰত কংগ্ৰেছৰ দলীয় সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in