সোণাৰি সমষ্টিৰ পঞ্চায়তত খেল মহাৰণৰ শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

সোণাৰি সমষ্টিৰ পঞ্চায়তত খেল মহাৰণৰ শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

author-image
Asomiya Pratidin
New Update
সোণাৰি সমষ্টিৰ পঞ্চায়তত খেল মহাৰণৰ শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

ডিজিটেল সংবাদ,চৰাইদেউঃ সোণাৰি সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা সোণাৰি পৌৰসভাৰ খেল মহাৰণ ২০২৩ শুকুৰবাৰৰ পৰা সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰায় ২ শতাধিক খেলুৱৈয়ে এই মহাৰণত অংশগ্ৰহণ কৰিছে।

Advertisment

আনহাতে চফ্ৰাই গাঁও পঞ্চায়তৰ খেল মহাৰণ চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৪শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ৰজাপুখুৰী গাঁও পঞ্চায়তৰ খেল মহাৰণ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে।

ইফালে প্ৰায় ৪শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা ভজো পঞ্চায়তত অনুষ্ঠিত খেল মহাৰণ উপায়ুক্ত ৰাজকুমাৰ আহোম আৰু সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰীৰ উপস্থিতত খেল মহাৰণৰ শুভাৰম্ভ কৰে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে। ৩ নৱেম্বৰ পৰা ৭ নবেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া খেল মহাৰণত এথলেটিক্স, ফুটবল, কাবাদী, খো খো আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

খেলুৱৈসকলৰ বাবে ভাল খবৰ যে ঠাইতে পঞ্জীয়ন কৰা ব্যৱস্থা কৰা হৈছে কৰা বুলি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে মন্তব্য কৰে। লগতে গ্ৰাম্য অঞ্চলত বহুতো ভাল ভাল ক্ৰীড়া প্ৰতিভা আছে তেওঁলোক এই খেল মহাৰণৰ জড়িয়তে উপকৃত হ'ব বুলিও জানিবলৈ দিয়ে।

অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা লগতে খেলুৱৈ তথা ক্ৰীড়া নুৰাগী ৰাইজৰ আশানুৰূপ সহযোগিতাৰ বাবে ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত পৌৰপতি তিলক চন্দ্ৰ নেওগ, উপৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ,খেল মহাৰণৰ সোণাৰি সমষ্টিৰ মুখ্য আহ্বায়ক দেবজিত হাজৰিকা আৰু, ৰাজ্যিক সদস্য কাজল দে, দিলীপ কোঁৱৰ, অবিচি চেয়াৰমেন ৰাজেন গগৈ,ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিশ কোঁৱৰৰ লগতে পৌৰসভাৰ পৌৰ আয়ুক্তসকল উপস্থিত আছিল।

Also Read: ওদালগুৰিত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

khel maharan sonari