/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b7af71b9-090e-453f-96bb-103e4bee0e33/07.jpg)
ডিজিটেল সংবাদ,নামৰূপ : নামৰূপ পৌৰসভা,নামৰূপ পঞ্চায়ত,শান্তিপুৰ পঞ্চায়ত আদি কৰি নামৰূপৰ বিভিন্ন স্থানৰ ৩শতাধিক লোকে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সন্ধিয়া নামৰূপৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত আয়োজন কৰা হয় যোগদান কাৰ্যসূচী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e9c5e380-1442-4523-9477-51e57595843a/55dfcb2e_ce35_41e8_95b5_d9d9232996c5.jpg)
এই যোগদান কাৰ্য্যসূচীত শতাধিক কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী, চাহবাগিচাৰ চৰ্দাৰ,সমাজ কৰ্মী,ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈয়ে বিজেপি দলত যোগদান কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক তৰংগ গগৈ।
সভাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে, সমাজত বিভিন্ন ক্ষেত্ৰত নেতৃত্ব লোৱা এই বিশিষ্ট ব্যক্তিসকলে দলত একত্ৰিত হৈ একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। তেওঁ কয় যে, ৰাইজে কংগ্ৰেছ দল ত্যাগ কৰিছে, ক্ৰমে কংগ্ৰেছ শূণ্য হৈ পৰিছে ডিব্ৰগড়ৰ লগতে নাহৰকটীয়া সমষ্টি।
বিধায়কগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলে ৫লাখ ভোটত জয়লাভ কৰিব। ই নিশ্চিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6034726e-96aa-45e2-9f0c-1626d6863e5c/3a4a2a4e_1c15_4a6b_b3b8_1237e255a32e.jpg)
আজিৰ যোগদান কাৰ্য্যসূচীত সদৌ অসম আৰ্ম ৰেষ্টলিং স্পৰ্টছ এচ"ছিয়েছন ৰ সাধাৰণ সম্পাদক তথা আন্তঃ ৰাষ্ট্ৰীয় পঞ্জা খেলুৱৈ দিগন্ত গগৈ আৰু শেৱালী গগৈয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ইয়াৰোপৰি শান্তিপুৰ,টিপাম,উমাতাৰা চাহ বাগিছাৰ বহু নেত্ৰী স্থানীয় ব্যক্তিয়ে বিজেপিত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1493f269-ab00-48b9-94e9-d66cf59a4d9c/5aaa2f1d_afc3_4210_b3fe_28921817154f.jpg)
সভাত স্থানীয় বিধায়ক তৰংগ গগৈ, এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈ, জয়পুৰ ব্লকৰ সভাপতি মৃদুল কলিতা, নামৰূপ পৌৰ সভাৰ পৌৰপতি প্ৰশান্ত গগৈ, উপ পৌৰপতি নিতু সোণোৱালকে মুখ্য কৰি ভালেসংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।