ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক 'ঠেঙ্গাল ৰত্ন' বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক 'ঠেঙ্গাল ৰত্ন' বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক 'ঠেঙ্গাল ৰত্ন' বঁটা প্ৰদান

ডিজিটেল,সংবাদ বেকাজানঃ সমগ্ৰ জীৱন ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্মপৰিচয়, মৰ্যাদা আৰু বিকাশৰ বাবে কাম কৰা ঠেঙ্গাল জনগোষ্ঠীৰ মহীৰূহ,তিতাবৰৰ প্ৰবীণ শিক্ষাবিদ,গৱেষক ডঃ যোগেশ্বৰ বড়াক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটাৰে সন্মান প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদানৰ লগতে ডঃ বৰাৰ বিভিন্ন সময়ত প্ৰকাশিত গৱেষণা ধৰ্মী প্ৰবন্ধৰ নিৰ্বাচিত সংকলন চীনৰ পৰা দৈয়াংলৈ, ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয়।

Advertisment

তদুপলক্ষে ঠেঙ্গাল কছাৰী সাহিত্য-সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা ডঃ বড়াই জনগোষ্ঠীৰ বিভিন্ন সমস্যা,প্ৰত্যাহ্বান আৰু সম্ভাৱনময় স্থিতি আলোপাত কৰে। উল্লেখযোগ্য যে  দেশৰ সংবিধানে স্বীকৃতি প্ৰদান কৰি অহা ৰাজ্যৰ ভৈয়াম জনজাতি সকলৰ অন্যতম ঠেঙ্গাল কছাৰীসকলে নিজৰ জাতি সত্তাৰ প্ৰকৃত পৰিচয় বিচাৰি সংগ্ৰাম অব্যাহত ৰখাৰ সময়ত জাতিৰ স্বকীয় পৰিচয় তুলি ধৰা সকলৰ অন্যতম আছিল ডঃ যোগেশ্বৰ বড়া ।

দেশৰ সংবিধান প্ৰদত্ত ৰাজ্যৰ ভৈয়াম জনগোষ্ঠীৰ মৰ্যদা লাভ কৰি কছাৰী স্বীকৃতি লাভ কৰি অহা ঠেঙ্গালসকল সোণোৱাল জনগোষ্ঠীৰ এটা গোট বুলি পৰিচিত হৈ আহিছিল।সোণোৱাল সকলে দীৰ্ঘদিন ধৰি দাবী জনাই অহা প্ৰস্তাৱিত সোণোৱাল কছাৰী স্বয়ত্ব শাসিত পৰিষদৰ  এলেকাত  ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ লোকৰ গাঁও অন্তৰ্ভুক্ত কৰি ৰূপৰেখা প্ৰস্তুত কৰাত জনগোষ্ঠীৰ লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

ডঃ যোগেশ্বৰ বড়াই ঠেঙ্গাল কছাৰী সকলৰ এই ক্ষোভৰ নেতৃত্ব বহন কৰি ফাদিল কৰিলে জনগোষ্ঠীৰ নিজস্ব পৰিচয়।তথ্য সন্মত ,গৱেষণা আৰু ইতিহাস উদঙাই প্ৰকাশ কৰা "চীনৰ পৰা দৈয়াংলৈ ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ অৰ্থ সামাজিক অৱস্থা" শীৰ্ষক প্ৰৱন্ধত ঠেঙ্গালসকল মংগোলীয় গোষ্ঠীৰ বড়ো মূলৰ পূব গোষ্ঠীৰ কছাৰী কুলৰ এটা গোট বুলি দাবী কৰি কয় যে ১৫২৬ খৃষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুংৰ সৈতে হোৱা যুদ্ধত কছাৰী সকলে জয় লাভ কৰি গোলাঘাটৰ কাছমাৰী পথাৰত ৰাজ্য স্থাপন কৰা জংবাহাদুৰ ৰজাৰ বংশ পৰিয়াল আজিৰ ঠেঙ্গালসকল বুলি দাবী কৰে।

কছাৰী ৰজা জংবাহাদুৰ আৰু তেওঁৰ সৈন্য সকলে যুদ্ধ আৰু তাৰ পৰৱৰ্তী সময়ত পিন্ধা এক বিশেষ সাজ( pantaloom )ক ঠেঙ্গা বোলা হৈছিল। সেই সাজ পৰিধান কৰা বাবেই ৰজা আৰু তেওঁৰ সৈন্য সকলক ঠেঙ্গাল বুলি চৰ্চিত আৰু পৰিচিত হয়। সেই ৰাজ্যৰ সতী হন্ততি আৰু প্ৰজা সকলৰ সমষ্টিয়ে আজিৰ ঠেঙ্গাল কছাৰী বুলি ডঃ যোগেশ্বৰ বড়াই দাবী কৰি লিখা গৱেষণা ধৰ্মীয় প্ৰবন্ধ পৰৱৰ্তী সময়ত জনগোষ্ঠীৰ সম্পৰ্কত গবেষণাৰ দলিল ৰূপে স্বীকৃতি লাভ কৰি আহিছে।

ঐতিহাসিক সমল, যুক্তিৰে লিখা প্ৰবন্ধৰে ঠেঙ্গালসকলৰ সুকীয়া পৰিচয় ডঃ বড়াই পুনৰ বাৰ প্ৰতিষ্ঠা কৰে। জনগোষ্ঠীৰ প্ৰথম গৰাকী স্নাতকোত্তৰ আৰু প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰী প্ৰাপক বিশিষ্ট গৱেষক গৰাকীয়ে আজিও জনগোষ্ঠীৰ বিভিন্ন বিষয়ত সক্ৰিয়তাৰে কাম কৰি আছে।

নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বড়াক সন্মান প্ৰদান কৰা এই অনুষ্ঠানত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাই প্ৰকাশ কৰি উলিওৱা ডঃ বড়াৰ লেখাৰ নিৰ্বাচিত সংকলন আৰু "folk  Elements in Ramasarasvati"  শীৰ্ষত গৱেষণা পত্ৰ উন্মোচন কৰে বিশিষ্ট গৱেষক ,জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰক্তিম ৰঞ্জন শইকীয়াই ।

সভাৰ সম্পাদক ৰক্তিম শইকীয়াই উদ্দেশ্য বাখ্যা কৰা সভাত  জনগোষ্ঠীৰ হেৰাই যোৱা মান বস্ত্ৰ(গায়নৰ টঙালি) পুনৰোদ্ধাৰ কৰি  উন্মোচন কৰা হয়। উল্লেখ্য যে ২নং বেবেজিয়া গাঁৱৰ মহিলাসকলে পৰিবেশন কৰা দিহা নামেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানৰ মূল সভাত ঠেঙ্গালকছাৰী স্বয়ং শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী  চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ মুখ্য সম্পাদক অৰুণ কাৱাৰ, অভিনেতা ৰাজীৱ ক্ৰ, তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ কালৰ বুকুত হেৰাই যোৱা  বিভিন্ন লোক কৃষ্টি সম্পদ সংৰক্ষণ কৰি অহা তিতাবৰ কছাৰী গাঁৱৰ ভুৱন বড়াক অনুষ্ঠানত চক্ৰধ্বজ ঠেঙ্গাল সাহিত্য সংস্কৃতি বঁটা প্ৰদান কৰা হয।

অন্যহাতে ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ শিল্পলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা জনগোষ্ঠীৰ উদ্যমী মহিলা তিতাবৰ বেবেজিয়া কছাৰী গাঁওৰ  ৰেণু কছাৰী আৰু  সদ্য ঘোষিত এম বি এছ পৰীক্ষাত উজ্বলি উঠা তিতাবৰৰ সন্তান শশাংক ৰাজ শইকীয়াক সভাত  উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Also Read: নগাঁৱৰ চিলঙনিত আৰক্ষীৰ অভিযান : উদ্ধাৰ ১৫ লাখ টকাৰ চুৰি সামগ্ৰী

bekajan