বটদ্ৰৱা হৰিহৰ মন্দিৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ ভঁড়াল ঘৰত চুৰিকাণ্ড

বটদ্ৰৱা হৰিহৰ মন্দিৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ ভঁড়াল ঘৰত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা হৰিহৰ মন্দিৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ ভঁড়াল ঘৰত চুৰিকাণ্ড

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা আৰক্ষী থানাৰ সমীপতে বৃহস্পতিবাৰে নিশা হোৱা দুটাকৈ চুৰিকাণ্ডৰ ঘটনাই উদঙালে আৰক্ষীৰ নিষ্ক্ৰিয়তা ! বটদ্ৰৱা হৰিহৰ মন্দিৰৰ লকাৰ ভাঙি চোৰে চুৰ কৰি নিলে সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ধন।

Advertisment

ইফালে বটদ্ৰৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ৰ ভঁঁড়াল ঘৰৰ দুৱাৰ ভাঙি নিলে বহু মূল্যৱান সামগ্ৰী। শুকুৰবাৰে পুৱা ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে যদিও, বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা নাই।

স্থানীয় ৰাইজে বটদ্ৰৱাৰ নিৰাপত্তাৰ বিষয়টোত চিন্তিত হৈ পৰিছে আৰু অঞ্চলটোত হৈ থকা আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে শীঘ্ৰে সমাধান বিচাৰি দাবী তুলিছে। ইফালে বটদ্ৰৱাৰ শান্তিজানৰ পাৰত অৱস্থিত এই হৰিহৰ মন্দিৰত বিগত দিনত তিনিবাৰ চুৰিকাণ্ড সংঘটিত হৈছিল।

Also Read: বহিঃ ৰাজ্যত সন্ধানহীন লংকাৰ সুৰজ আলী

batadraba