বহিঃ ৰাজ্যত সন্ধানহীন লংকাৰ সুৰজ আলী

বহিঃ ৰাজ্যত সন্ধানহীন লংকাৰ সুৰজ আলী

author-image
Asomiya Pratidin
New Update
বহিঃ ৰাজ্যত সন্ধানহীন লংকাৰ সুৰজ আলী

ডিজিটেল সংবাদ,লংকা : বহিঃ ৰাজ্যত ৰে'লত সন্ধানহীন নগাঁও জিলাৰ লংকাৰ এজন ৫০ উৰ্ধৰ ব্যক্তি। সন্ধানহীন ব্যক্তিজনৰ নাম সুৰজ আলী(৫৮) । তেঁওৰ ঘৰ লংকাৰ চিমলাই পথাৰত।

Advertisment

উল্লেখ যে, বিগত দুমাহ পূৰ্বে কামৰ বাবে সুৰুজ আলী গৈছিল চেন্নাইলৈ। যোৱা ১৫ জুলাই সন্ধিয়া ৬-০০ বজাত চেন্নাইৰ ট্ৰিম্বাৰাম( TAMBARAM) ৰে'ল ষ্টেচনৰ পৰা ১৫৬২৯ নম্বৰৰ নগাঁও এক্সপ্রেছ ৰে'লযোগে সুৰজ আলী আহি আছিল নগাঁৱলৈ। তেনেতে দূৰ্গাপূৰৰ ৰেল ষ্টেচনত ৰেলৰ পৰা সন্ধানহীন হয় উক্ত লোকজন।

জানিব পৰা মতে সুৰুজ আলীৰ লগত অহা আন চাৰিজন লোক সুকলমে ঘৰ পাইহি। কিন্তু বৰ্তমানো সম্ভেদ নাই লংকাৰ চিমলাই পথাৰৰ সুৰুজ আলীৰ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ উলিয়াৱ নোৱাৰি লংকা আৰক্ষী আৰু লংকা ৰে'ল আৰক্ষী থানাত এজাহাৰ দাখিল কৰি বৰ্তমান কাষ চাপিছে সংবাদ মাধ্যমৰ।

কোনো সদাসয় লোকে ব্যক্তিজনৰ খবৰ পালে ৬৯০১৯২৮২১৫ আৰু ৬৯০১৪৫০৯৯৬ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Assam police lanka