বটদ্ৰৱা থানত ৩৬৭ বছৰীয়া পৰম্পৰাৰে বৌদ্ধ পূৰ্ণিমা পালন : নৰোৱা সত্ৰত পালনাম

বটদ্ৰৱা থানত ৩৬৭ বছৰীয়া পৰম্পৰাৰে বৌদ্ধ পূৰ্ণিমা পালন : নৰোৱা সত্ৰত পালনাম

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানত ৩৬৭ বছৰীয়া পৰম্পৰাৰে বৌদ্ধ পূৰ্ণিমা পালন : নৰোৱা সত্ৰত পালনাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা এক বিশেষ সেৱা হৈছে পালনাম সেৱা । ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত কৰা হয়।

Advertisment

উল্লেখ্য যে ১৬৫৬ খৃষ্টাব্দত আই কনকলতা আৰু দামোদৰ আতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৌদ্ধ পূৰ্ণিমা তিথিত নৰোৱা সত্রই নিৰবিচ্ছিন্নভাৱে পাতি আহিছে এই পালনাম সেৱা। পালনাম উপলক্ষে আজি ভকত বৈষ্ণৱৰ উপস্থিতিত উখল- মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত।

ইফালে কীৰ্ত্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসঙ্গ, নামপ্ৰসংগৰে মুখৰিত হৈ পৰিছে। সমন্তৰালকৈ বৌদ্ধ পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাপ-বান্ধৱৰ উপস্থিতিত এক সুন্দৰ পৰিবেশৰ সৃষ্টি হয়।

Also Read: ১৬ বছৰীয়া বৰ্ণিল অভিজ্ঞতা বুকুত বান্ধি আই পি এলক বিদায় দীনেশ কাৰ্তিকৰ

batadraba