শিক্ষা বিষয়া কটকীৰ বাসভৱনত চাৰিঘন্টীয়া অভিযান : সোধপোচৰ বাবে আটক অভিনেত্ৰী কবিতা কটকীক...

শিক্ষা বিষয়া কটকীৰ বাসভৱনত চাৰিঘন্টীয়া অভিযান : সোধপোচৰ বাবে আটক অভিনেত্ৰী কবিতা কটকীক...

author-image
Asomiya Pratidin
New Update
শিক্ষা বিষয়া কটকীৰ বাসভৱনত চাৰিঘন্টীয়া অভিযান : সোধপোচৰ বাবে আটক অভিনেত্ৰী কবিতা কটকীক...

শিক্ষা বিষয়া কটকীৰ বাসভৱনত চাৰিঘন্টীয়া অভিযান : সোধপোচৰ বাবে আটক অভিনেত্ৰী কবিতা কটকীক...

ডিজিটেল সংবাদ নগাঁও : শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ নগাঁৱৰ বাসভৱনত চাৰিঘন্টাকৈ অভিযান চলাই নগাঁও আৰক্ষীয়ে ৷ কামৰূপত পাঁচ হাজাৰ টকা উৎকোচ লৈ দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পিছত নগাঁও আৰক্ষীয়ে কটকীৰ ঘৰত অভিযান চলাই ৷

Advertisment

এই অভিযান কালত কটকীৰ ঘৰৰ পৰা এগৰাকী অভিনেত্ৰীক আটক কৰে ৷ আটকাধীন অভিনেত্ৰীগৰাকীৰ নাম কবিতা কটকী। তেওঁ সম্বন্ধত বুদ্ধদেৱ কটকীৰ বৌয়েক।

বৰ্তমান কবিতা কটকী নগাঁও আৰক্ষীৰ জিম্মাত আছে যদিও আৰক্ষীয়ে কবিতা কটকীৰ পুত্ৰ অক্ষয় কটকীৰ সন্ধানত আছে। অক্ষয় পলাতক বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

সন্ধ্যা ৭-৩০ বজাত নগাঁও আৰক্ষীৰ দল উৎকোচ লৈ কৰায়ত্ব হোৱা বুদ্ধদেৱ কটকীৰ ঘৰৰ পৰা ওলাই যায় যদিও আৰক্ষীৰ বাবে মূৰৰ কামোৰ হৈ পৰিছে দুটাকৈ কাৰ্টুন ৷ এই দুটি কাৰ্টুনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

আৰক্ষীয়ে অভিযানৰ সময়ত উদ্ধাৰ কৰা চি চি কেমেৰাৰ ফুটেজত দুটা কাৰ্টুন বেগত ভৰাই বুদ্ধদেৱ কটকীৰ ঘৰৰ পৰা ওলাই গৈছিল ৷ সন্দেহ কৰা মতে সেই বেগ দুটাত নগদ ধন আৰু মূল্যবান সামগ্ৰী বাসভৱনটোৰ পৰা সৰবৰাহ কৰি গোপন স্হানলৈ লৈ যোৱা হৈছিল ৷

এই ঘটনাৰে জড়িত থকাৰ সন্দেহত কবিতা কটকীক সোধপোচৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ লগতে এই কাৰ্যত অক্ষয় কটকীয়ে সহযোগ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগাঁৱত কাৰ্যনিৰ্বাহ কৰি প্ৰায় আঠ মাহ পূৰ্বে কামৰূপলৈ বদলি হোৱা বুদ্ধ কটকী অৱশেষত আৰক্ষীৰ জালত পৰাত নগাঁৱৰ শিক্ষক সমাজৰ মাজত সন্তুষ্টি প্ৰকাশ কৰিছে। নগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৈ পৰৱৰ্তী সময়ত নগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে অতিৰিক্ত ভাৱে হোজাই আৰু কলিয়াবৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দ্বায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী শিক্ষা বিষয়া নগাঁৱত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত গুৰু-গোঁসাই নামানি ধনৰ লেনদেনৰে বিভিন্ন নীতি বৰ্হি:ভূত কাৰ্যত লিপ্ত হৈছিল।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি বিদ্যালয়লৈ আবন্টিত আন্তঃগাঁথনিৰ ধন, ইউনিফৰ্ম আদিকে ধৰি সকলো ক্ষেত্ৰত কমিচনৰ বজাৰ বঢ়োৱাই এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ লগতে শিক্ষকৰ বদলি আদিৰ কামত দালালি কৰি প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল। নগাঁৱত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বিতৰ্কিত শিক্ষা বিষয়া বুদ্ধ কটকীৰ কু-কৃৰ্তীৰ বিষয়ে একাধিক বাৰ প্ৰকাশ পাইছিল যদিও মেনেজ মাষ্টাৰ ৰূপে বিভাগত পৰিচিত কটকীয়ে বিভাগীয় উদ্ধৰ্তম মহলক মেনেজ কৰি নগাঁৱত চকী খামুচি আছিল।

আনকি এই গৰাকী শিক্ষা বিষয়াই একে দিনাই শিক্ষকৰ নিলম্বনৰ নিৰ্দেশনা জাৰি কৰি সেই দিনতেই পুনৰ সেই নিৰ্দেশনা প্ৰত্যাহাৰ কৰি একপ্ৰকাৰৰ নজিৰ সৃষ্টি কৰিছিল। তথাৰিও বিভাগীয় উদ্ধৰ্তম মহলে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰি আহিছিল।

আনকি অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পেঞ্চন, জি পি এফ,আৰ্জিত ছুটিৰ ধন আদি মুকলি কৰি দিয়াৰ নামত নগাঁৱত উৎকোচৰ এখন বৃহৎ বজাৰ বঢ়োৱাই বুদ্ধ কটকীয়ে লুণ্ঠন চলাইছিল। তাৰোপৰি বকেয়া, প্ৰসুতিকালীন ছুটী, জি পি এফৰ নামত ঋণ আদিৰ ক্ষেত্ৰতো নিৰ্ধাৰিত ধনৰ বিনিময়তহে ফাইলত স্বাক্ষৰ কৰিছিল।

তাৰোপৰি এইগৰাকী বিষয়াই চৰকাৰী কাৰ্যালয়টোত দালালৰ সৃষ্টি কৰি ব্যাপক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। যাৰ ফলত জিলাখনৰ শিক্ষক সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে বিগত বৰ্ষৰ জুলাই মাহত বুদ্ধ কটকীক কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে বদলি কৰা হয়। ইয়াৰ পাছতে শনিবাৰে আৰক্ষীয়ে তেওঁক উৎকোচ লোৱা সময়তে গ্ৰেপ্তাৰ কৰে।

Also Read: ৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'

শিক্ষা বিষয়া বুদ্ধদেৱ কটকী