জামুগুৰি বাপুজি হাইস্কুলৰ শিক্ষক ব্ৰজেন নাথৰ অকাল মৃত্যুত শোকৰ ছাঁ...

নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰি বাপুজি হাইস্কুলৰ শিক্ষক তথা সংস্কৃতি বান যুৱক ব্ৰজেন নাথৰ সোমবাৰে সন্ধিয়া আকস্মিক মৃত্যুক সাবতি লয় । উল্লেখ যে আজি দিনৰ ভাগত ব্ৰজেন নাথৰ অকস্মাত পেটৰ বিষ হোৱাৰ লগতে অসুস্থ হৈ পৰে
জামুগুৰি বাপুজি হাইস্কুলৰ শিক্ষক ব্ৰজেন নাথৰ অকাল মৃত্যুত শোকৰ ছাঁ...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰি বাপুজি হাইস্কুলৰ শিক্ষক তথা সংস্কৃতি বান যুৱক ব্ৰজেন নাথৰ সোমবাৰে সন্ধিয়া আকস্মিক মৃত্যুক সাবতি লয় । উল্লেখ যে আজি দিনৰ ভাগত ব্ৰজেন নাথৰ অকস্মাত পেটৰ বিষ হোৱাৰ লগতে অসুস্থ হৈ পৰে । বিয়লি নগাওঁৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰা হয়।

চিকিৎসাধীন অৱস্থাতে সন্ধিয়া শিক্ষকজনৰ মৃত্যুমুখত পৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫্১ বছৰ । সমাজ কৰ্মী, সংস্কৃতিবান ব্ৰজেন নাথৰ অকাল মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পৰে ।

শিক্ষকতাৰ সমান্তৰাল কৈ সমাজৰ বিভিন্ন কামত জড়িত থকা ব্ৰজেন নাথে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, জ্যেষ্ঠ ভাতৃকে ধৰি বহুতো আত্মীয়ক এৰি থৈ যায় । এসময়ত অংকীয়া ভাওনাত শ্ৰীকৃষ্ণৰ অভিনয় কৰা শিক্ষকজনৰ মৃত্যুত বাপুজি হাইস্কুলৰ শিক্ষক বৃন্দ, জামুগুৰি গৰখীয়া থান সমিতি, জামুগুৰি শাখা সাহিত্য সভা, জামুগুৰি কবি সন্মিলন কে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে ।

জামুগুৰি বাপুজি হাইস্কুলৰ শিক্ষক ব্ৰজেন নাথৰ অকাল মৃত্যুত শোকৰ ছাঁ...
টেঙাখাতত ধুমুহাত বিধ্বস্ত বহু পৰিয়ালে উদং চালিৰ তলতে কটাইছে নিশা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in