বঢ়মপুৰৰ বৰবাৰীত যুৱকৰ সলিল সমাধি

বঢ়মপুৰৰ বৰবাৰীত যুৱকৰ সলিল সমাধি

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰৰ বৰবাৰীত যুৱকৰ সলিল সমাধি

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তথা চামগুৰি আৰক্ষী থানাৰ অধীনস্থ বৰবাৰীত মঙলবাৰে সন্ধিয়া পানীৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা এক ঘটনাই অঞ্চলবাসীক শোকাভিভূত কৰি তুলিছে।

Advertisment

জানিব পৰা মতে, বৰবাৰীৰ শৰৎ কলিতা (২৭) নামৰ যুৱকজনে মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই যায়। সন্ধিয়া প্ৰায় ৭ বজালৈকে যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পিছত স্থানীয় লোকৰ সহযোগত যুৱকজনৰ সন্ধান উলিয়াবৰ বাবে বিচাৰ-খোচাৰ কৰাত বৰবাৰীৰ জলাহৰ কাষৰ এটা পুখুৰীৰ পাৰত যুৱকজনৰ চেণ্ডেল আৰু জাল উদ্ধাৰ কৰে। স্থানীয় লোকে ৰাতিয়ে জলাহত যুৱকজনৰ সন্ধানত অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গাঁৱৰ বিভিন্ন অনুষ্ঠানত নাগাৰা, খোল, ঢোল বজোৱাৰ লগতে চিত্ৰাংকন আদিতো ৰাইজৰ সমাদৰ লাভ কৰা শৰৎ কলিতাই মঙলবাৰে দিনৰ ভাগত নামঘৰত নাগাৰা বজাই নাম সামৰি ঘৰলৈ যোৱাৰ পিছত অইন দিনাৰ দৰে মাছ মাৰিবলৈ জলাহ বিললৈ গৈছিল বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত যুৱকজনৰ পানীত পৰি মৃত্যু হ'ল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। সৰবৰহী, শিল্পী মনৰ যুৱকজনৰ এনে অবাঞ্চিত মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Also Read: নাৰীৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত নগাঁৱত বিক্ষোভ

nagaon