জলাহগাৱঁৰ বৰগায়ন, সুত্ৰধাৰ মহেন্দ্ৰ শ‌ইকীয়াৰ মৃত্যু...

জলাহগাৱঁৰ বৰগায়ন,সুত্ৰধাৰ মহেন্দ্ৰ শ‌ইকীয়াৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
জলাহগাৱঁৰ বৰগায়ন, সুত্ৰধাৰ মহেন্দ্ৰ শ‌ইকীয়াৰ মৃত্যু...

জলাহগাৱঁৰ বৰগায়ন,সুত্ৰধাৰ মহেন্দ্ৰ শ‌ইকীয়াৰ মৃত্যু...

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলি জলাহ গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা সত্ৰীয়া সংস্কৃতিৰ আজন্ম সেৱক, বৰগায়ন, সুত্ৰধাৰ মহেন্দ্ৰ শ‌ইকীয়াৰ(৮৯)মঙ্গলবাৰে সন্ধিয়া ৭.৩০বজাত নিজা বাসভৱনতে মৃত্যু হয়। ১৯৩৪ চনৰ মাৰ্চ মাহৰ ৭ তাৰিখে জন্মগ্ৰহণ কৰা মহেন্দ্ৰ শ‌ইকীয়া দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি আছিল ।

Advertisment

সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা মহেন্দ্ৰ শ‌ইকীয়াৰ মৃত্যুত জলাহগাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, আজি পুৱা গায়ন-বায়নৰ জৰিয়তে সম্পূৰ্ণ মাংগলিক পৰিৱেশৰ মাজেৰে মহেন্দ্ৰ শ‌ইকীয়াৰ মৃতদেহ লৈ এক শোভাযাত্ৰা কৰাৰ অন্তত গাঁৱৰ ৰাইজে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অতি সহজ সৰল আৰু অমায়িক স্বভাৱৰ মহেন্দ্ৰ শ‌ইকীয়াই মৃত্যুৰ সময়ত পত্নী,পুত্ৰ,বোৱাৰী, জী, জোৱাঁই নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: ওদালগুৰি প্ৰীমিয়াৰ লীগৰ ফাইনেলত টংলা ক্ৰিকেট ক্লাৱ...

পুৰণিগুদাম