লেখক বলিন্দ্ৰ ডেকা ৰজাৰ "গণিতৰ সহায়ক পুথি" উন্মোচন...

শুকুৰবাৰে লেখক বলীন্দ্ৰ ডেকা ৰজাৰ "গণিতৰ সহায়ক পুথি" উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
লেখক বলিন্দ্ৰ ডেকা ৰজাৰ "গণিতৰ সহায়ক পুথি" উন্মোচন...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়া পশ্চিম অঞ্চলৰ কপিলী উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সভাগৃহত শুকুৰবাৰে লেখক বলীন্দ্ৰ ডেকা ৰজাৰ "গণিতৰ সহায়ক পুথি" উন্মোচন কৰা হয়। পুথিখনিৰ উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড০ পদ্মেশ্বৰ সেনাপতিয়ে।

Advertisment

বাৰপুজীয়াৰ কল্পবৃক্ষ চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ মোহিত চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে বলীন্দ্ৰ ডেকাৰজাই। সভাখনত শিলচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মুনীন্দ্ৰ বৰদলৈ, বাৰপূজীয়াৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৱনী মোহন ডেকা, বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ ডেকাৰজা, বিশিষ্ট সমাজকৰ্মী পুতুল চন্দ্ৰ ডেকা উপস্থিত থাকে।

তদুপৰি তিৱা সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ বিদ্যৎ বিকাশ বৰদলৈ, নগাঁও জিলাৰ তিৱা সাহিত্য সভাৰ সভাপতি বীৰেণ লালুং ,দুলেন চন্দ্ৰ দেউৰী, বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতৰ শিক্ষক ৰহিন বাংঠাই, বিষয় শিক্ষক অনুপম কোঁৱৰ, চি আৰ চি চি নৱজ্যোতি বৰদলৈ, দিগন্ত টেৰণ, মৃদুল কোঁৱৰ, ৰিতু বৰদলৈ আদি শিক্ষক সকলৰ লগতে বহু গন্য মান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

Also Read: ধেমাজিৰ মাছখোৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিলম্বন...

Bebejia book