/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e9fa6f70-c863-44a4-814f-ba51f62931e3/HEAD_TEACHER.jpg)
ডিজিটেল সংবাদ, ধেমাজি : বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰা, কোনো কাৰণ নোহোৱাকৈয়ে বিদ্যালয়ত উপস্থিত নথকা, বিদ্যালয়লৈ আহোতে মদক দ্ৰৱ্য সেৱন কৰি অহাকে ধৰি অভিভাৱকসকলৰ বহুকেইটা গুৰুতৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে। শিক্ষকজন ধেমাজিৰ মাছখোৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজু দাস।
এই অভিযোগৰ ভিত্তিতেই ধেমাজি জিলা প্ৰাথমিক শিক্ষাবিষয়া কবিতা ডেকাই বিগত ৩০ মে'ত মাছখোৱা মজলীয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজু দাসক তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজু দাসৰ কৰ্মকাণ্ডই বিদ্যালয়খনৰ কণ কণ ছাত্ৰ -ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন অন্ধকাৰ দিশে নিয়াৰ লগতে অভিভাৱক সকলকো চিন্তিত কৰিছিল ৷
প্ৰধান শিক্ষকজনৰ কৰ্মকাণ্ডই এনে চূড়ান্ত ৰূপ পাইছিল গৈ যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজু দাসক শিক্ষা বিভাগে কঠোৰ শাস্তি প্ৰদান নকৰালৈকে অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনলৈ আহিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিষয়টো ধেমাজি জিলা উপায়ুক্তক অৱগত কৰা হয়৷
Also Read: উৰিষ্যাত ৰে'ল দুৰ্ঘটনা: এই পৰ্যন্ত উদ্ধাৰ আহত ১৭৯ যাত্ৰী...