নগাঁৱত গৱেষক ড৹ নৰেন কলিতাৰ কৃতি বিষয়ক গ্ৰন্থ উন্মোচন

গ্ৰন্থখনি উন্মোচন কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই
নগাঁৱত গৱেষক ড৹ নৰেন কলিতাৰ কৃতি বিষয়ক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় “প্ৰজ্ঞাভূষণ ড° নৰেন কলিতা” শীৰ্ষক এখনি গ্ৰন্থ ৷ সোমবাৰে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শংকৰী কলা সংস্কৃতিৰ সাধক তথা গৱেষক ড° নৰেন কলিতাৰ কৰ্মৰাজি সন্নিবিষ্ট গ্ৰন্থখনি উন্মোচন কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই ৷

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ লগতে সংগতি ৰাখি ড° নৰেন কলিতাক প্ৰদান কৰা হয় প্ৰজ্ঞাভূষণ সন্মান ৷ নগাঁৱৰ পুৰণিগুদাম মিকিৰহাটৰ কলং কলা কেন্দ্ৰৰ উদ্যোগত আৰু ড° নৰেন কলিতা শিক্ষা,কলা-সংস্কৃতি ন্যাসৰ সহযোগত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ড° নৰেন কলিতা,লিখক পৰাণ কুমাৰ বৰুৱা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীকে প্ৰমুখ্য কৰি নগঞা বিদ্বত সমাজৰ ভালে সংখ্যক লোক ।

কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত ভাস্কৰজ্যোতি মহন্তই অংকীয়া ভাওনা সন্দৰ্ভত বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ উপৰিও ড° নৰেন কলিতায়ো এয়া তেওঁৰ বাবে পৰম প্ৰাপ্তি বুলি উল্লেখ কৰে ৷

নগাঁৱত গৱেষক ড৹ নৰেন কলিতাৰ কৃতি বিষয়ক গ্ৰন্থ উন্মোচন
বন বিভাগৰ অভিযানত জব্দ ৩১ টা মূল্যবান কাঠৰ কুণ্ডা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in