বন বিভাগৰ অভিযানত জব্দ ৩১ টা মূল্যবান কাঠৰ কুণ্ডা

অভিযান চলাই মুঠ ২৭০ কেবি মূল্যবান কাঠৰ ফান্টা জব্দ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
বন বিভাগৰ অভিযানত জব্দ ৩১ টা মূল্যবান কাঠৰ কুণ্ডা

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাৰ্বি আংলঙত বন ধ্বংসৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান । কাৰ্বি আংলং জিলাৰ ডলামৰা ৰেঞ্জৰ অধীনৰ কুঠৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাত চোৰাং কাঠৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান।

Advertisment

সোমবাৰে মাজ নিশা কুঠৰী খণ্ড বিষয়া লংৱেলচন তেৰাঙৰ নেতৃত্বত চলা অভিযানত ৰংমঙৱে কলনীৰ পৰা জব্দ কৰে ৩১ টা মূল্যবান কাঠৰ কুণ্ডা। কাজিৰঙাৰ দাঁতি কাষৰীয়া ডলামৰা ৰেঞ্জৰ অন্তৰ্গত কুঠৰি বন খণ্ডৰ বিষয়াই জনোৱা মতে, বিগত চাৰি দিনত অভিযান চলাই মুঠ ২৭০ কেবি মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সেউজ পাহাৰত বন ধ্বংস চলাই বিভিন্ন সময়ত কুঠৰী, ন-জান, হাৰমতী আৰু পাৰকুব ৰেঞ্জৰ অন্তৰ্গত ৰঙাগৰা ফৰেষ্ট বিট অফিচৰ কাষেদি দৈনিক সৰবৰাহ হয় চোৰাং কাঠ।

Also Read: শিলঘাট মৰাপাট কলত ভয়াৱহ অগ্নিকাণ্ডঃ প্ৰায় তিনি কোটি টকাৰ ক্ষতি

FOREST DEPARTMENT