/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b41ad079-f08e-4fc1-9857-661f36050314/252.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ নিউজ নেটৱৰ্কৰ উদ্যোগত, কমল-কিৰণ গ্ৰন্থালয় আৰু কামপুৰৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ কামপুৰ স্বৰাজ ভৱনৰ সন্মুখত অনুষ্ঠিত হৈছে কামপুৰ গ্ৰন্থ উৎসৱ ২০২৩ । কামপুৰ নিউজ নেটৱৰ্কৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ২৭ নৱেম্বৰ দিনা কামপুৰ স্বৰাজ ভৱনত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা।
৩টা শাখাত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত কামপুৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ডেৰ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশ লয়। গ্ৰন্থ উৎসৱতে ৰাজু সমীৰণৰ প্ৰথমখন কাব্যগ্ৰন্থ "এইবাটে নাযাবি তেজীমলাৰ মাক" নামৰ কাব্যগ্ৰন্থখন শুভ উন্মোচন কৰে। উন্মোচন কৰে বিশিষ্ট কবি দিলীপ ফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4a715916-5b98-4022-984f-e35e32879c7a/ab091b95_c41c_4d22_a556_52c1bc8cf9c2.jpg)
গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সাহিত্যিক পৰাণ কুমাৰ বৰুৱা,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকা,সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা,বিশিষ্ট কবি জীৱন নৰহ,জনপ্ৰিয় কবি মদাৰজ্যোতি,খবি তথা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/208c9d3d-6deb-47f7-a123-5db1553e997f/9f7e5435_0a85_481f_91ef_d2f8720b3ef5.jpg)
কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোৰ লগত সংগতি চিত্ৰ-ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰালৈ কামপুৰ নিউজ নেটৱৰ্কৰ তৰফৰ পৰা ২০২২ বৰ্ষৰ 'কপিলী শিল্প সাধনা বঁটা প্ৰদান কৰে। ইয়াৰ পিছতে কামপুৰ স্বৰাজ ভৱনৰ বাকৰিত অনুষ্ঠিত হয় নগাঁও জিলা কবি সন্মিলনৰ "কাব্যধ্বনি" অনুষ্ঠান। অনুষ্ঠানটোত নগাঁও জিলাৰ অৰ্ধশতাধিক কবি উপস্থিত থাকি কবিতা পাঠ কৰে।
Also Read: তিতাবৰত বন্যহস্তী পোৱালীৰ কৰুণ মৃত্যু