বঢ়মপুৰত পুখুৰীৰ পৰা উদ্ধাৰ আৰক্ষী বাহিনীৰ নায়কৰ মৃতদেহ...

বঢ়মপুৰত পুখুৰীৰ পৰা উদ্ধাৰ আৰক্ষী বাহিনীৰ নায়কৰ মৃতদেহ...

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত পুখুৰীৰ পৰা উদ্ধাৰ আৰক্ষী বাহিনীৰ নায়কৰ মৃতদেহ...

বঢ়মপুৰত পুখুৰীৰ পৰা উদ্ধাৰ আৰক্ষী বাহিনীৰ নায়কৰ মৃতদেহ...

ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ চৌহদত থকা এটা দ' পুখুৰীৰ পৰা আজি পুৱা উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। বাহিনীটোৰ চৌহদতে নিৰ্মাণ কৰা এটা দুৰ্গা মন্দিৰৰ কাষতে থকা পুখুৰীটোৰ পৰা উদ্ধাৰ হোৱা লোকজনক অতুল বৈৰাগী (৪৯) বুলি চিনাক্ত কৰা হৈছে।

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰা মতে, পুৰণিগুদাম পথাৰআগ নিবাসী অতুল বৈৰাগী বাহিনীটোৰ নায়ক হিচাপে শেহতীয়াকৈ পদোন্নতি লাভ কৰিছে। ১৫ আগষ্টৰ পুৱা ভাগত লোকজনক সহকৰ্মীসকলে প্ৰত্যক্ষ কৰিছিল যদিও তাৰ পিছৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।

আজি পুৱাৰ ভাগত লোকজনৰ মৃতদেহ কোনো লোকে সাধাৰণ সাজত পানীত ওপঙি থকা প্ৰত্যক্ষ কৰাৰ পিছতে বাহিনীটোৰ লগতে স্থানীয় অঞ্চলটোত হুৱা-দুৱা লাগে। পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে কি পৰিস্থিতিত পৰি তেওঁৰ মৃত্যু হয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কোনো কোনো লোকে তেওঁ সুৰাপান কৰা আৰু সাংসাৰিক খেলি-মেলিৰ বাবে শেহতীয়াকৈ দুঃচিন্তাত ভূগিছিল বুলিও ধাৰণা কৰিছে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Also Read: বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

অসম আৰক্ষী বঢ়মপুৰ