কপিলীত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ

কপিলীত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
কপিলীত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ

ডিজিটেল সংবাদ,কামপুৰ : শেষ হ'ল এটা পৰিয়ালৰ সমস্ত,উদং হ'ল এগৰাকী মাতৃৰ বুকু। কামপুৰত কপিলীৰ বুকুত নিখোজ হোৱা দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, কামপুৰৰ চৰাইহাগী গাঁৱৰ দীগেন বৰুৱা আৰু জিতি বৰুৱাৰ দুই পুত্ৰ অমৰজ্যোতি বৰুৱা আৰু মানস বৰুৱা দেওবাৰে কপিলী নৈত গা ধুৱ গৈ সন্ধানহীন হৈছিল। কপিলী নদীত গা ধুই থকা অৱস্থাত অমৰজ্যোতি বৰুৱা পানীত ডুবি যায় ।

ভাতৃ অমৰজ্যোতিক বচাবলৈ ককায়েক মানস বৰুৱা আগুৱাই গৈ সন্ধানহীন হৈছিল। উক্ত ঘটনাৰ পাচতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত কামপুৰ আৰক্ষী আৰু এচ ডি আৰ এফৰ দল উপস্থিত হৈ ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান চলায় ।

২৪ ঘণ্টা ধৰি স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰকাৰী দলে কপিলীৰ বুকুত উদ্ধাৰ অভিযান চলাই পোৱা নাছিল দুই ভাতৃৰ সন্ধান। কিন্ত সোমবাৰে দিনৰ প্ৰায় ১২ বজাত কামপুৰ আৰক্ষীৰ উপস্থিতিত এচ ডি আৰ এফৰ দলে ৰাইজৰ সহায়ত অমৰজ্যোতি বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত প্ৰায় ৩-০০ বজাত মানস বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে। দুই ভাতৃৰ মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।

Also Read: কলকাতাত অঘটন : নিৰ্মীয়মাণ অট্টালিকা খহি ৫জনৰ মৃত্যু

kampur kapili