কলিয়াবৰত অচিৰেই মুকলি হ'ব ৰক্ত ভঁৰাল : ডা০ জয়দেৱ কাকতি

কলিয়াবৰত অচিৰেই মুকলি হ'ব ৰক্ত ভঁৰাল : ডা০ জয়দেৱ কাকতি

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত অচিৰেই মুকলি হ'ব ৰক্ত ভঁৰাল : ডা০ জয়দেৱ কাকতি

ডিজিটেল সংবাদ,কলিয়াৱৰ : কলিয়াবৰত অচিৰেই মুকলি হ'ব ৰক্ত ভঁৰাল। বুধবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা এক ৰক্তদান শিবিৰত এই কথা প্ৰকাশ কৰে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডা০ জয়দেৱ কাকতিয়ে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ তদাৰকত এই প্ৰয়োজনীছ কাম-কাজ আগ বাঢ়িছে বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে।

Advertisment

কলিয়াবৰত এই ৰক্ত ভঁৰাল মুকলি হ'লে অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব। উল্লেখ্য যে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালৰ সহযোগত আজিৰ এই ৰক্তদান শিবিৰত ৰক্তদান পৰামৰ্শদাতা ৰিপু দত্তই ৰক্তদান উপকাৰীতাৰ বিষয়ে ব্যাখ্যা কৰি কয়- আনৰ বাবে নহ'লেও নিজৰ বাবেই ৰক্তদান কৰক। নিয়মীয়া ৰক্তদান মানে এটা নিয়মীয়া স্বাস্থ্য পৰীক্ষা। কিবা জটিল ৰোগত আক্ৰান্ত হ'লেও প্ৰাথমিক পৰ্যায়তেই ধৰা পৰি যায়।

Also Read: বটদ্ৰৱা থানত নিশা পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

kaliyabar Blood storage