নগাঁৱত তৎপৰ বিজেপিৰ শীৰ্ষ নেতৃত্ব

নগাঁও লোকসভা সমষ্টিৰ ৰাইডঙীয়াত মন্ত্ৰী সঞ্জয় কৃষানঃ "এআইডিইউএফে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, আমি কমিউনেল নহয়। আমাৰ দল সকলোকে লগত লৈ কাম কৰা দল"

author-image
Asomiya Pratidin
New Update
নগাঁৱত তৎপৰ বিজেপিৰ শীৰ্ষ নেতৃত্ব

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ বাবে এইবাৰ তৎপৰতা দেখা গৈছে বিজেপিৰ শীৰ্ষ নেতৃত্বত। এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলে নগাঁও লোকসভা সমষ্টিত মিঞা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই কংগ্ৰেছৰ দখলত থকা নগাওঁৰ লোকসভা সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ কুচকাৱাজৰ আৰম্ভ কৰিছে বিজেপি দলৰ শীৰ্ষ নেতৃত্বই।

Advertisment

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ গাঁৱে-ভূঞে দেখা গ'ল মন্ত্ৰী সঞ্জয় কৃষানক। অংশ গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন দলীয় সভাত। বৃহস্পতিবাৰে সমষ্টিটোৰ ৰাইডঙীয়াত দলীয় সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ ৰণ কৌশল প্ৰস্তুত কৰে।

মন্ত্ৰী গৰাকীয়ে কয় "এআইডিইউএফে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, আমি কমিউনেল নহয়। আমাৰ দল সকলোকে লগত লৈ কাম কৰা দল।" লগতে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কথা সন্দৰ্ভত মন্তব্য কৰে।

Also Read: বাজেটক লৈ অসন্তুষ্টি প্রকাশ 'আম আদমি পার্টী'ৰ

nagaon loksabha bjp AIDUF assam congress