বাজেটক লৈ অসন্তুষ্টি প্রকাশ 'আম আদমি পার্টী'ৰ

বাজেটত নাই মূল্যবৃদ্ধি ৰোধৰ কোনো আঁচনি, বাজেটখন নির্বাচনকেন্দ্রিক, এয়া বাজেট নহয় নির্বাচনী ভাষণহে।

author-image
Asomiya Pratidin
New Update
বাজেটক লৈ অসন্তুষ্টি প্রকাশ 'আম আদমি পার্টী'ৰ

ডিজিটেল ডেস্কঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত উত্থাপন কৰা বাজেটক নিৰ্বাচনী কেন্দ্রিক, দেশখনক আৰু বেছি ধাৰৰ বোজাত পোত খুৱাব খোজা বাজেট আখ্যা দিছে আম আদমি পার্টীয়ে। দলটোৱে বাজেটখনত চৰকাৰৰ ভৱিষ্যতৰ কোনো ৰোড-মেপ নাই, মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰি কর্মসংস্থাপনৰ কোনো পৰিকল্পনা বাজেটখনত নাই বুলি উল্লেখ কৰে। আপৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বিত্তমন্ত্ৰীৰ এইয়া নিৰ্বাচনী ভাষণহে বুলি আখ্যা দি বাজেটত মূল্যবৃদ্ধি আৰু মুদ্রাস্ফীতিক লৈ একো গুৰুত্ব নাই, ইয়াৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা উচিত বুলি উল্লেখ কৰে।

Advertisment

সভাপতি ডাঃ চৌধুৰীয়ে কয় যে প্রতিবছৰে ২ কোটি চাকৰি দিব বুলি প্রতিশ্রুতি দিয়া চৰকাৰখনে চৰকাৰী নিযুক্তিৰ বাবেও একো নহ'ল, দৰিদ্ৰ আৰু নিৱনুৱা লোকৰ বাবে এই বাজেটত একো নাই। বাজেটখনত নতুন কৰ ব্যৱস্থা বাছি লোৱা কম সংখ্যক লোকৰ বাহিৰে কোনো কৰ হ্ৰাস কৰা নহ'ল। তাৰোপৰি অযুক্তিৰ জিএছটিৰ হাৰত কোনো ধৰণৰ কৰ্তন কৰা হোৱা নাই। আম আদমি পার্টীয়ে বাজেটখনত জনসাধাৰণৰ কল্যাণমূলক আঁচনি আৰু ৰাজসাহাৰ্য্যৰ বাবে ধন ব্যয় কৰা হোৱা নাই, একাংশ পুঁজিপতিৰ বাবেহে কৰ সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰে।

Budget 2024 aap assam