নগাঁৱত বিজেপিৰ যোগদান সমাৰোহ...

নগাঁৱত বিজেপিৰ যোগদান সমাৰোহ...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এক যোগদান সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয়। সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলৰ প্ৰতি নৱপ্ৰজন্মৰ লোক সকল আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ হিচাবে নগাঁৱত নৱপ্ৰজন্মৰ একাংশই বিজেপিত যোগদান কৰে।

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰতি সমৰ্থন জনাই নগাঁৱৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য ,আছু ,যুৱ কংগ্ৰেছ ,অসম জাতীয়তাবাদী যুৱ -,ছাত্র পৰিষদ আদিৰ একাংশ সদস্যই বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কয়যে প্ৰতিদিনে বিজেপিত যোগদান কাৰ্যসূচী চলি আছে। এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে।

নগাঁৱৰ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক কঠোৰ সমালোচনা কৰি শৰ্মাই কয় যে সাংসদ গৰাকীক ৰাইজে বিপদ আপদৰ সময়ত লগ নাপায়। সাংসদ পুজিৰ কথা উলালেই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাংসদ পুজিৰ ধন বন্ধ কৰি থোৱাৰ কথা কয়। এসময়ত নগাঁৱত প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশ হোৱা বুলি পোষ্টাৰিং হৈছিল। এই কেইদিন তেওঁ সমষ্টিত ঘুৰি আচনিৰ কাম কৰা দেখা গৈছে। এনেকৈয়ে তেওঁ মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়নৰ অবিৰত যাত্ৰাৰ বাবেই ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ আগবাঢ়িছে। অসমত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিকাশমুখী যাত্ৰাই অসমৰ দ্ৰুত উন্নয়ন সাধিছে। সেয়া এইবাৰ ৰাইজে বিজেপিক পুনৰ মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিব। বিগত লোকসভাৰ নিৰ্বাচনৰ দৰে এইবাৰ বিজেপিয়ে অভিলেখ সংখ্যক আসন লাভ কৰি নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। অসমত বিজেপি মিত্ৰ জোটে বাৰখন আসন পাব বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে সংবাদ মাধ্যমৰ আগত নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কয় বিজেপি আদৰ্শত চলা দল। আমি সেই আদৰ্শৰে আগবাঢ়িছো । বিজেপিত কোনো বিসম্বাদ নাই। আমি সকলোৱে মিলি কাম কৰিছো।প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুৰেশ বৰাই কয় মই কোনখন স্কুলত পঢ়িছিলোঁ সেয়া তেওঁ নাজানে। তেওঁ নগাঁও খনক ভালদৰে চিনি নাপায়। মই কুকুৰক কেনেকৈ ইংৰাজী শিকাব লাগে সেইটো মই নাজানিলো বুলি প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰে।

এইবাৰ বৰদলৈ মোৰ বাবে বিড়ম্বনাৰ সন্মুখীন হ'ব বুলি সুৰেশ বৰাই মন্তব্য কৰে। বিজেপি যুৱ মৰ্চাৰ নগাঁৱৰ সভাপতি সুন্দৰ শৰ্মাই কয় যে নগাঁও সংসদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে যুৱমৰ্চাই ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে।

নগাঁৱত বিজেপিৰ যোগদান সমাৰোহ...
বিত্তীয় খেলিমেলি! বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in