/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e918a1d0-0a10-4a74-848d-6eac034bfc4c/43.jpg)
ডিজিটেল সংবাদ,নামৰূপ : নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত কুঁৱৰী গাঁৱৰ নিৰ্বাচনী বিজয় সংকল্প বিশাল জনসভাত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ আয়োজন কৰা প্ৰচাৰ সভাত প্ৰায় ৫সহস্ৰাধিক ৰাইজৰ সমুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৰঙালী বিহুৰ শুভ কামনা যাচে।
সভাত তেওঁ চৰকাৰে কৰি অহা কামসমূহৰ খতিয়ান দাঙি ধৰি কয় যে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা সমষ্টিৰ উন্নত বাট পথসমূহৰ কথা উল্লেখ কৰে। নাহৰকটীয়া সমষ্টিৰ ল'ৰা-ছোৱালীয়ে খেলিবলৈ নাহৰকটীয়াত এখন ডাঙৰ হকী ষ্টেডিয়াম নিৰ্মাণৰ কথাও বক্তব্যত কয়।
লগতে নাহৰকটীয়া সমষ্টিৰ চৰকাৰী হাইস্কুলৰবোৰত ৭কোটিকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয় উন্নত হয়।
ইতিমধ্যে দুখন বিদ্যালয়ত মুঠ ১৪কোটি টকা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নাহৰকটীয়াৰ বিভিন্ন স্থানত ভাল ধান খেতি হয়। কংগ্ৰেছৰ দিনত প্ৰতি কুইণ্টল ধানৰ মূল্য আছিল ৬ শ টকা। কিন্তু এতিয়া ধানৰ মূল্য ২২শ টকা। সৰিয়হৰ মূল্য ৫হেজাৰ টকা। ইয়াৰোপৰি শেহতীয়াকৈ চৰকাৰে মৌজোল আৰু গাখীৰ ক্ৰয় কৰাৰ কথাও সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে।
ড০ শৰ্মাই কয়- কংগ্ৰেছৰ দিনত এনেবোৰ ব্যৱস্থা নাছিল। কৃষি অৰ্থনীতি উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে কৃষকৰ একাউণ্টত ২হেজাৰ টকাকৈ বছৰত ৩বাৰ মুঠ ৬হেজাৰ টকা ভৰাই দিছে। কিন্তু বিৰোধীয়ে ভাল কথাবোৰ নকৈ কেৱল ৰাইজক আন্দোলন কৰিবলৈ উচতাই থাকে। তেওঁলোকে আন্দোলন কৰি নেতা হয়, তাৰপিছত মন্ত্ৰী হয়গৈ।
বিজেপিও আন্দোলন কৰে বুলি উল্লেখ কৰি কয় যে বিজেপিয়ে খেল আন্দোলন কৰে, সাংস্কৃতিক আন্দোলন কৰে। বিজেপিৰ আন্দোলনত মানুহ ভোটা তৰা হৈ জিলিকে কিন্তু লুৰীণ-আখিলৰ আন্দোলনত সৰু সৰু মানুহৰ ল'ৰা ছোৱালীৰ প্ৰাণ যায়। তেওঁলোকে বহু মাতৃক কন্দুৱালে।
প্ৰতি ৫বছৰৰ মূৰে মূৰে তেওঁলোকে কোনো এটা বিষয় গৱেষণা কৰি উলিয়াই আৰু ৰাইজক উচটাই আন্দোলন কৰে। বিজেপিয়ে লাচিতৰ ১৪৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। টিপামট চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।
ইফালে 'কা' আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লুৰীণে-গগৈয়ে কা আহিলে ট্ৰাকে ট্ৰকে বাংলাদেশী আহিব বুলি কৈ ৰাইজক উচতালে। যাৰ ফলত ৫জন ডেকাৰ মৃত্যু হ'ল।
আনহাতে উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সন্দৰ্ভতো মন্তব্য কৰে ড০ শৰ্মাই। সভাত উপস্থিত ৰাইজক মুখ্যমন্ত্ৰী ড০ শৰ্মাই সৰ্বানন্দ সোণোৱালক বিপুল ভোটত ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান জনায়।
উক্ত সভাত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈ, মৃদুল কলিতা প্ৰমুখ্যে বিজেপিৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: 'সৰুপথাৰত আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম'- জয়ন্ত মল্ল বৰুৱা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us