সংখ্যালঘু অঞ্চলত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

সংখ্যালঘু ভোটৰ ওপৰতেই নিৰ্ভৰ কৰিব নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্ব্বাচনী ভাগ্য !
সংখ্যালঘু অঞ্চলত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা।

নগাঁও লোকসভা সমষ্টিত আৰ্কষণীয় হৈ পৰিছে নিৰ্ব্বাচনী যুঁজ। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমান্তৰালকৈ বিজেপি দলে মাৰাথান নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সমষ্টিটোৰ বিভিন্ন অঞ্চলত। বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

দেওবাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই সমষ্টিটোৰ কদমনি, ধূপগুৰী, ধিং , কটহগুৰী, ভেৰভেৰী, ৰৌমাৰী, ৰাণীটাপু চৰ আদি মুছলমান অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। মুঠৰ ওপৰত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ টাৰ্গেট সংখ্যালঘু ভোট। চৰ্চা অনুসৰি সংখ্যালঘু ভোটৰ ওপৰতেই নিৰ্ভৰ কৰিব নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্ব্বাচনী ভাগ্য।

সংখ্যালঘু অঞ্চলত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ
বিশিষ্ট নাগৰিকৰে সাংসদ দিলীপ শইকীয়াৰ মত বিনিময় অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in