/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1b62acce-cbef-4865-9538-546be4fe299b/26.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই শনিবাৰে সন্ধিয়া মঙলদৈস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত দৰং জিলাৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ দৰং জিলা সমিতিৰ উপ-সভাপতি দেৱব্ৰত দত্তই আঁত ধৰা অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে অনুষ্ঠানৰ বন্তি প্রজ্বলন কৰে।
ইয়াৰ পিচতে মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতি ভাৰ্গৱ কুমাৰ দাসে মত বিনিময় অনুষ্ঠানত কয় যে, মঙলদৈ লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদসকলৰ তুলনাত বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াই সমষ্টিৰ বাবে বহু কিবাকিবি কৰিছে যদিও তেওঁক যথোচিত সম্মান প্রদান কৰা নাই। সভাত খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন চন্দ্ৰ হাজৰিকাই সাংসদ শইকীয়াৰ কৰ্মৰাজিৰ বৰ্ণনা কৰে। জিলা পুথিভঁৰালটো শীতাতপ নিয়ন্ত্রিত কৰা, প্রস্তাবিত পলিটেকনিক অতিশীঘ্রেই নির্মাণ কৰাত আগভাগ ল'বলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6302873a-a965-4e36-9fab-775fc0a8d67f/GKgJo3IaIAAHDy_.jpg)
দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, সমাজ সংগঠক ৯০ বছৰ বয়সীয়া ফুলেন্দ্র নাথ চহৰীয়াই সাংসদ দিলীপ শইকীয়াই বাইপাছ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে মঙলদৈত মেডিকেল কলেজ, কৃষি বিশ্ববিদ্যালয় আদিৰ দৰে উন্নত শিক্ষানুষ্ঠান স্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই স্ত্রী শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ সাংসদ দিলীপ শইকীয়াক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/98ffb23f-8102-4b91-8034-0b899105b863/GKgJo3MaUAAqZfI.jpg)
তদুপৰি দৰং জিলা সাহিত্য সভাৰ মঙলদৈস্থিত সাহিত্য প্রকল্পটোৰ দুৰৱস্থাৰ বিষয়ে উল্লেখ কৰি তেওঁ প্রকল্পটো অত্যাধুনিক কৈ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়। দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ,সভাপতি ৰজনীকান্ত নাথে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/58001b0c-cc7c-4184-870d-6bed9285a70b/GKgJo25akAA65A_.jpg)
সভাত সাংসদ দিলীপ শইকীয়াই দৰং-ওদালগুৰি সমষ্টিৰ ৰাইজে যি মৰম দিছে তাক লৈ অভিভূত হোৱা বুলি উল্লেখ কৰি পুনৰ সাংসদ হিচাপে নির্বাচিত হ'লে কেইবাটাও অভিলাষী প্রকল্প পূর্ণ কৰিব বুলি প্রকাশ কৰে। উক্ত সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, অসম বণিক সন্থাৰ সভাপতি ৰূপম গোস্বামী, প্রাক্তন মন্ত্রী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, বিজেপিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, সনাতন ধর্মসভাৰ সভাপতি পঞ্চানন শর্মা, প্রাক্তন বিধায়ক হীৰেন কুমাৰ দাস, অগপৰ দৰং জিলা পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱাকে ধৰি চাৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: দিল্লীত ড্ৰাই ডে'...