ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

ডিজিটেল সেৱা,কঠীয়াতলী: ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহস্পতিবাৰে পুৱা বন্তি প্ৰজ্বলন আৰু ৰাভা দেৱৰ প্ৰতিচ্ছবিত পুষ্প মালা অৰ্পণেৰে অনুষ্ঠানৰ আৰম্ভণি হয়।

Advertisment

১০ বজাত ৰাভা সংগীত, ৰাভা নৃত্যৰ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতাত শুভেচ্ছামূলক ভাষণ প্ৰদানৰ লগতে ৰাভাদেৱৰ কালজয়ী কেইবাটাও গীত পৰিৱেশন কৰি অধ্যক্ষ সঞ্জীৱ কলিতাই শ্ৰোতাৰ মন আপ্লুত কৰে।

শিক্ষাৰ্থী সকলে নৃত্য,গীত,আবৃত্তি আদি সুন্দৰ ভাবে পৰিৱেশন কৰে।অনুষ্ঠানৰ আঁত ধৰে শিক্ষক শ্যামলজ্যোতি শইকীয়া আৰু স্বাগতা পূজাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনি বৰা,উজৰা গাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ অধ্যক্ষ দীপশ্ৰী বৰ্মন,কঠীয়াতলী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ সন্ধা বেজবৰা,জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাৰ লগতে বহু গণ্য-মান্য ব্যক্তি,শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী উপস্থিত থাকে।

Also Read: ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছেঃ হেমন্ত কুমাৰ কলিতা

Bishnu prashad rabha Kathiyatali