বিৰল : নগাঁও চিকিৎসা মহাবিদ্যালয়ত তিনি যমজ শিশুৰ জন্ম

বিৰল : নগাঁও চিকিৎসা মহাবিদ্যালয়ত তিনি যমজ শিশুৰ জন্ম

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ সফলতা ৷ নেচনেল মেডিকেল কাউঞ্চিলে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ সময়তে প্ৰসূতি বিভাগৰ সফলতা পোহৰলৈ আহিছে ৷

এগৰাকী প্ৰসূতিয়ে মহাবিদ্যালয় খনত জন্ম দিছে ৩ টাকৈ সন্তান ৷ প্ৰসূতি বিভাগৰ মুৰব্বী চিকিৎসক ডা° বিজয় দত্তৰ নেতৃত্ব চিকিৎসকৰ দলে সু চিকিৎসা প্ৰদান কৰি ৩ টিকৈ সন্তান প্ৰসৱ কৰোৱাই ৷

এগৰাকী মাতৃৰ গৰ্ভত ৩ টাকৈ সন্তানে স্থিতি লোৱাটো বিৰল ঘটনা ৷ চিকিৎসকৰ দলৰ চেষ্টাত সন্তানকেইটিক স্বাভাবিকভাবে প্ৰসৱ কৰোৱাই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে ৷ জানিব পৰা মতে জন্ম হোৱা তিনি সন্তানৰ প্ৰথম দুটিৰ ওজন ১ কেজি ৫০০ গ্ৰামকৈ আৰু তৃতীয়টো সন্তানৰ ওজন ২ কেজি ২০০ গ্ৰাম ৷ ইয়াৰে প্ৰথম আৰু তৃতীয় সন্তানটি জীৱিত অৱস্থাত আছে ৷ দ্বিতীয়টো সন্তান প্ৰসৱৰ পূৰ্বে গৰ্ভতে মৃত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে ৷

প্ৰসূতি গৰাকীৰ নাম হৈছে ৰুমেনা খাতুন (২৭ ) ৷ যোৱা ২০ ফেব্ৰুৱাৰীত ৰুমেনাক পৰিয়ালৰ লোকে চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱাইছিল ৷ ৩৬ সপ্তাহত চিকিৎসালয়ত ভৰ্তি হোৱা ৰুমেনাৰ প্ৰথমটো সন্তান বেবী কেয়াৰ ইউনিটত চিকিৎসকৰ তত্বাবধানত আছে ৷ তৃতীয়তা সন্তান মাতৃৰ কাষত আছে ৷ চিকিৎসকৰ মতে মাতৃগৰাকী সুস্থ অৱস্থাতে চিকিৎসালয়তে আছে ৷ দুটি সন্তান বৰ্তমানলৈকে সুস্থ বুলি জনায় ৷

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° মিহিৰ গোস্বামীয়ে প্ৰসূতি বিভাগৰ এই সফলতাৰ বাবে সকলো চিকিৎসককে শুভেচ্ছা জনাইছে ৷ লগতে নগাঁৱৰ লগতে মধ্য অসমৰ লোকক নগাঁও চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ বুলি অধীক্ষক ডা° গোস্বামীয়ে কয় ৷

বিৰল : নগাঁও চিকিৎসা মহাবিদ্যালয়ত তিনি যমজ শিশুৰ জন্ম
গোসাঁইগাঁৱৰ কৰ্তিমাৰীত গুলীচালনাৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in