পক্ষী ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ এদল যুৱকৰ...

বৰটোকোলা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
পক্ষী ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ এদল যুৱকৰ...

ডিজিটেল সংবাদ, নগাঁও: বৰটোকোলা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। বৰটোকোলা সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্ট কৰাৰ প্ৰয়াস সংগঠনচোৰ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু পুৰণিগুডাম আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত এক বিশেষ স্থানত হৰ্ডিং লগোৱাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, ২০০৩-২০০৪ চনত উৰিয়াগাঁও চক, নগাঁও বাইপাছ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানী-ঠিকাদাৰে কোনো বাচ-বিচাৰ নকৰাকৈ গছ-গছনি কাটি তহিলং কৰিছিল৷ পৰিৱেশ সংৰক্ষণৰ কাৰণে সেই সময়ত কোনো লোকেই মাত নমতাত বহু গছ-গছনি যধে-মধে কটাৰ ফলত পক্ষীৰ বাসগৃহত পৰিছিল বিৰূপ প্ৰভাৱ।

পৰৱৰ্তী সময়ত কৃষ্ণচূড়াৰ গছপুলি পৰিষদৰ তৰফৰ পৰা উৰিয়া গাঁও চকৰ চৌপাশে ৰোপন কৰা হৈছিল যদিও চৰাই নোহোৱা হোৱাৰ পৰিলক্ষিত হৈছিল। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাস্তা নিৰ্মাণৰ বাবে উৰিয়াম গাঁওৰ পথৰ কাষৰ গছ কাটিবলৈ লোৱাত স্থানীয় ৰাইজৰ সহযোগত বহু কেইজোপা গছৰ প্ৰাণ ৰক্ষাৰ লগতে পক্ষীৰো প্ৰাণ ৰক্ষা পৰে।

উক্ত গছত বৰ্তমান বৰটোকোলাই বংশবৃদ্ধিৰ বাবে বাঁহ সজাৰ পৰিলক্ষিত হৈছে৷ পিছে যান-বাহন অহা যোৱা কৰা পথত হুলস্থূলীয়া পৰিৱেশৰ বাবে বৰটোকোলাৰ প্ৰজননত বাধা আহি পৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সেই স্থানত হৰ্ডিং লগোৱাৰ ব্যৱস্থা কৰে।

পক্ষী ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ এদল যুৱকৰ...
ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in